চৰাইদেউঃ চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত হোৱা একমাত্র পষেকীয় বাতৰি কাকত 'চৰাইদেউ বাতৰি'ৰ সপ্তম প্ৰতিষ্ঠা দিৱস অহা ১৯মে'ত আয়োজন কৰা হৈছে। অনুষ্ঠানটি উদ্বোধন কৰিব চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে।

সপ্তম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এইবাৰ 'চৰাইদেউ বাতৰি'য়ে 'নিউজ লাইভ'ৰ বাৰ্তা সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈলৈ আগ বঢ়াইছে যুৱ সাংবাদিকতা বঁটা -২০১৭। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানৰ দিনাই ৰাজ্যৰ প্ৰতিভাৱান সাংবাদিকজনক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব।

অনুষ্ঠানটি সঞ্চলনা কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি নৰেন ৰাজখোৱাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব লণ্ডনস্থিত বিশিষ্ট চিকিৎসক তথা চিন্তাশীল লেখক জয়ন্ত বিশ্ব শৰ্মা। উক্ত অনুষ্ঠানতে বিশিষ্ট চিকিৎসকজনে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপতো মিলিত হ'ব।

অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, মাহমৰাৰ বিধায়ক যোগেন মহন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, লেখক ডিম্বেশ্বৰ গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মাণিক গগৈ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰীকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।

একেটা অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰলৈ অগ্ৰণী অৱদান আগবঢ়োৱা কেবাগৰাকী নেতৃস্থানীয় ব্যক্তিকো সম্বৰ্ধনা জনোৱা হ'ব বুলি জানিবলৈ দিছে সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজক সমিতিয়ে।