গুৱাহাটীঃ বুমেৰাং হ’ল নৰেন্দ্ৰ মোদী চৰকাৰৰ কেছলেছ অথবা নগদহীন অৰ্থনীতিৰ ধ্বনি। ক’লাধন, জালনোটৰ ভাণ্ডাৰ, সন্ত্ৰাসবাদী পুঁজি ধ্বংসৰ হুংকাৰেৰে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰৰ ৮ নৱেম্বৰৰ সন্ধিয়া পুৰণি পাঁচশ আৰু এহেজাৰ টকীয়া নোট নিষিদ্ধ কৰাৰ পাছতে দেশত কেছলেছ অৰ্থনীতি গঢ়াৰ লক্ষ্য লোৱা বুলি ঘোষণা কৰে।
সেই অনুসৰি অসমতো সৰ্বানন্দ সোণোৱাল চৰকাৰে সকলো চৰকাৰী-বেচৰকাৰী লেনদেন নগদহীন কৰিবলৈ তৎপৰ হৈ উঠে। এইক্ষেত্ৰত বিশেষকৈ চাহ বাগিচাসমূহক লৈ চৰকাৰখন অধিক সক্ৰিয় হৈ উঠে। কাৰণ চাহ শ্ৰমিকসকলে সাপ্তাহিক অথবা পষেকীয়া মজুৰি নগদভাৱে গ্ৰহণ কৰে।
স্বাস্থ্য-শিক্ষাকে ধৰি বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত চাহ শ্ৰমিকসকলক ডিজিটেল অৰ্থাৎ নগদভাৱে দৰমহা আদায়ৰ ব্যৱস্থা কৰিবলৈ স্বয়ং মুখ্যমন্ত্ৰীয়ে একপ্ৰকাৰ আন সকলো কাম বাদ দি ইখনৰ পাছত সিখন বৈঠকত মিলিত হ’বলৈ ধৰে। চৰকাৰখনৰ এনে আচৰণে এনে এক ধাৰণা গঢ় দিবলৈ ধৰে যে চাহ শ্ৰমিকসকলে ডিজিটেল পদ্ধতিৰে দৰমহা লাভ কৰিলেই যেন তেওঁলোকৰ সকলো সমস্যা শেষ।
অৱশ্যে এনে চৰকাৰী তৎপৰতাৰ সুবাদত প্ৰায় ৮ লক্ষ চাহ শ্ৰমিকে বেংক একাউন্ট খুলিবলৈ সক্ষম হয়। কিন্তু বেংক একাউন্ট খোলাৰ পাছতো অধিকাংশ চাহ শ্ৰমিকেই নগদ ধনেৰে দৰমহা লৈ থকাৰ তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডিব্ৰুগড় জিলাৰ সভাপতি লাজ্জাৰ নন্দাই নিউজ নেক্সট ৱানক কয় যে ডিব্ৰুগড় জিলাৰ চাৰি-পাঁচখন বাগিচাক বাদ দি আন সকলো বাগিচাতে নগদৰ ৰূপতে চাহ শ্ৰমিকসকলক মজুৰি আদায় দি অহা হৈছে।
কেছলেছ অৰ্থনীতি কাৰ্যতঃ অসাৰ বুলি ইংগিত দি তেওঁ আৰু কয়,' আমি আগৰে পৰা কৈছো আহিছিলো যে কেছলেছ কৰাৰ পৰিৱৰ্তে চাহ শ্ৰমিকসকলৰ আন সমস্যা সমাধানতহে চৰকাৰে গুৰুত্ব দিয়া উচিত।’একে মন্তব্য সংগঠনটোৰ ৰাজ্যিক পৰ্যায়ৰ এজন নেতাৰো।
লক্ষ্যণীয় যে কেছলেছ অৰ্থনীতিলৈ সঁহাৰি জনাই ঢেকিয়াজুলিৰ এখন চাহ বাগিচাৰ শ্ৰমিকে এ টি এমত মজুৰি ল’বলৈ লৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা নৱেম্বৰত তেওঁৰ 'মন কী বাত’ অনুষ্ঠানত উল্লেখ কৰিছিল। কিন্তু দিন যোৱাৰ লগে লগে চাহ শ্ৰমিকক কেছলেছ কৰাৰ কথা চৰকাৰে পাহৰি যোৱাৰ উপক্ৰম ঘটিছে।
যদি চাহ শ্ৰমিকে নগদহীনভাৱে মজুৰি লৈয়ে অাছে তেন্তে ৰাজ্য চৰকাৰে মূল্যবান সময় নষ্ট কৰি বাগিচাসমূহত এ টি এমৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন বেংকৰ বিষয়াবৰ্গৰ সৈতে ইখনৰ পাছত সিখন বৈঠক আয়োজনৰ প্ৰয়োজনীতা ক’ত আছিল বুলি প্ৰশ্ন উঠিছে।
আনহাতে, সম্প্ৰতি ভাৰতীয় ষ্টেট বেংকে বেংক একাউন্টত ন্যূনতম পৰিমাণৰ ধন জমা ৰখা আৰু এ টি এমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত কঠোৰ নিয়ম বান্ধি দিয়াটোৱে বিভিন্নজনৰ লগতে দৰিদ্ৰ চাহ শ্ৰমিকসকলকো সমস্যাৰ সন্মুখীন কৰাব পাৰে। কাৰণ দিনজোৰা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অৰ্জন কৰা ধন বেংকক জৰিমনা অথবা মাচুলৰ বাবদ শ্ৰমিক শ্ৰেণীৰ লোকে জমা দিবলগীয়াতো সপোনতো ভাবিব নোৱৰা কথা।