কোকৰাঝাৰঃ প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদেৰে অতি চহকী নায়েকগাঁও বনাঞ্চল সম্প্ৰতি চোৰাং বন মাফিয়াৰ কবলত পৰি প্ৰায় ধ্বংসৰ অন্তিম ক্ষণত উপনীত হোৱাৰ সময়তে আজি বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নায়েকগাঁৱত উপস্থিত হৈ আওপকীয়াকৈ বিটিএডি এলেকাত বনাঞ্চল ধ্বংসৰ বাবে বিটিচিৰ বনবিভাগকে জগৰীয়া কৰে । নায়েকগাঁও বনাঞ্চলত উপস্থিত হৈ  চোৰাং কাঠ সৰবৰাহকাৰীয়ে কটা শালগছসমূহ পৰিদৰ্শন কৰি বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই  নায়েকগাঁও বনাঞ্চল ধ্বংস হৈ যোৱা বুলি উল্লেখ কৰে।

ইয়াৰোপৰি স্বয়ং বনমন্ত্ৰীগৰাকীয়ে কেৱল নায়েকগাঁৱেই নহয় ভাৰত-ভূটান সীমান্তৰ শ বছৰীয়া মূল্যৱান গছসমূহো চোৰাং কাৰবাৰীয়ে কাটি লৈ যোৱা বুলি উল্লেখ কৰি এইক্ষেত্ৰত তেওঁ নিজেই চোৰাং কাঠ ভৰ্তি ট্ৰাক ধৰিছিল বুলি উল্লেখ কৰে। নায়েকগাঁৱতো চোৰাং কাঠভৰ্তি টেক্টৰ জব্দ কৰাৰ কথা সদৰি কৰি বনমন্ত্ৰীয়ে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত বনাঞ্চল ৰখাৰ ক্ষেত্ৰত বিটিচিৰ বনবিভাগ ব্যৰ্থ হৈছে নেকি সেয়া ৰাইজেই ক'ব বুলি মন্তব্য কৰে।

♦ মোদীলৈ অভিযোগ পত্ৰ প্ৰেৰণৰ পিছতে নায়েকগাঁৱত প্ৰমিলা

স্বায়ত্বশাসিত পৰিষদৰ কিছু নিজা ক্ষমতা থাকে আৰু সেয়া প্ৰয়োগ কৰি বিটিএডিৰ বনাঞ্চল ৰক্ষা কৰাটো পৰিষদৰ বুলি দায়িত্ব বুলি মন্তব্যৰে বনমন্ত্ৰীয়ে এইক্ষেত্ৰত বিটিচিৰ বন বিভাগৰ দায়িত্ব থকা খাম্পা বৰগয়াৰীৰ নাম উল্লেখ কৰে। 

আনহাতে নায়েকগাঁওৰ বন ধ্বংসৰ বিৱৰণ দি এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা অভিযোগ পত্ৰ সম্পৰ্কত বনমন্ত্ৰীৰ প্ৰতিক্ৰিয়া সাংবাদিকে জানিব বিচৰাত বনমন্ত্ৰীয়ে যিসকলে প্ৰধানমন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে আচলতে সিহঁতেই বন ধ্বংসৰ লগত জড়িত বুলি হাস্যকৰ মন্তব্য কৰে। বনমন্ত্ৰীক নজনোৱাকৈ প্ৰধানমন্ত্ৰীক জনোৱা কাৰ্যৰ আঁৰত  ৰহস্য নিহিত হৈ আছে আৰু এয়া তেওঁক বদনামী কৰাৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি বনমন্ত্ৰীয়ে নায়েকগাঁও বনাঞ্চল ধ্বংস হোৱা বুলি মত প্ৰকাশ কৰে।

আনহাতে স্থানীয় বাসিন্দাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে দিনে নিশাই চোৰাং কাৰবাৰীসকলে দল বান্ধি বন ধ্বংস অভিযান অব্যাহত ৰাখিছে আৰু বাধা প্ৰদান কৰিলেই তেওঁলোকক  হত্যাৰ ভাবুকি দিয়ে ।

উল্লেখ্যে যে নায়েকগাঁওৰ  বনাঞ্চলত দিনে নিশাই চোৰাং কাঠ মাফিয়াই শালগছসমুহ কাটি বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে তথা কোকৰাঝাৰ -বহলপুৰ গড়কাপ্তানি পথেৰে সৰবৰাহ কৰি আছে যদিও ৰহস্যজনকভাৱে বন বিভাগে চোৰাং কাঠ সৰবৰাহকাৰীক কোনো ধৰণৰ বাধা প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

বন বিভাগৰ এনে ৰহস্যজনক নিষ্ক্ৰিয়তাত চোৰাং কাঠ সৰবৰাহকাৰীৰ সৈতে বৃহৎ অংকৰ গোপন লেনদেন হোৱা বুলি প্ৰকৃতিপ্ৰেমীসকলে সন্দেহ ব্যাক্ত কৰি আহিছে । বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ নিজ বাসভৱনৰ পৰা মাথো ১৫-২০ কিলোমিটাৰ দূৰত্বৰ নিলগৰ নায়েকগাঁওত অবাধ হাৰত বন ধ্বংসই বনমন্ত্ৰীৰ ব্যৰ্থতাকে সূচাইছে বুলি মন্তব্যও প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

প্ৰকৃতিপ্ৰেমীৰ একাংশই বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈ  বহুবাৰ হল্টুগাঁও বন সাংমণ্ডলিক বিষয়া , মুখ্য বন সংৰক্ষক আনকি কোকৰাঝাৰ জিলা উপায়ুক্ত , জিলা আৰক্ষী অধীক্ষকক আৱেদন -নিৱেদন  জনাই আহিছিল যদিও কোনো ফল নধৰাত অৱশেষত বিবেক ব্ৰহ্ম নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে বন ধ্বংস ৰোধ কৰাৰ স্বাৰ্থতে বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু বন আৰু পৰিৱেশ মন্ত্ৰণালয়লৈ ইমেইল যোগে এক অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে আজি নায়েকগাঁৱত উপস্থিত হৈ বনমন্ত্ৰীয়ে ওলোটাই প্ৰধানমন্ত্ৰীক অভিযোগ দিয়াসকল হে বন ধ্বংসত জড়িত বুলি হাস্যকৰ মন্তব্য প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী আৰু বন আৰু পৰিৱেশ মন্ত্ৰণালয়লৈ ই- মেইলযোগে প্ৰেৰণ কৰা অভিযোগপত্ৰত প্ৰকৃতিপ্ৰেমী বিবেক ব্ৰহ্মই উল্লেখ কৰা মতে জৈৱ বৈচিত্ৰতা আৰু প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল।