নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা ৰঙতি সংযোগী গড়কাপ্তানি পথটোৰ আঠানীবাৰী অংশত এখন পকী দলং নিৰ্মাণৰ দাবীত পথটোৰ ওপৰত তাই আহোম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ 

দীৰ্ঘকাল ধৰি এখন দলংৰ ব্যৱস্থা নোহোৱাৰ বাবে বাৰিষা এই পথটোৰে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে ৷

সঘনাই বানপানী হৈ থকাৰ বাবে পূৰ্ৱতে পথটোৰ আঠানীবাৰী অংশত ক্ৰচ ৱে কৰি পানী চলাচলৰ ব্যৱস্থা কৰা হৈছিল যদিও সম্প্ৰতি ক্ৰছ ৱে টোৰ দুয়ো কাষ বাম হৈ পৰাত সম্পূৰ্ণ বাৰিষা কালছোৱা একাঠু পানী জমা হৈ থাকে প্ৰায় দুশ মিটাৰ পথচোৱা ৷

উক্ত সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে চৰকাৰক বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদ মুখৰ হৈ পৰে সংগঠন দুটা ৷

অতি শীঘ্ৰে  তেওঁলোকৰ সমস্যা দূৰ নকৰিলে পৰৱৰ্তী সময়ত জংগী কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে সংগঠন দুটাই ।