♦ প্ৰতিগৰাকী শিশু একো একোটা ক্ষেত্ৰত প্ৰতিভাধৰঃ প্ৰদীপ গয়াৰী

কোকৰাঝাৰঃ কোকৰাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত বুধবাৰে বিপিন বিহাৰী এম ই বিদ্যালয়ৰ প্ৰাংগণত খণ্ড পৰ্যায়ৰ জ্ঞান মেলা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত অনুষ্ঠিত হোৱা জ্ঞানমেলা আৰু বিজ্ঞান প্ৰকল্প প্ৰদৰ্শনী তথা অভিৱৰ্তনত কোকৰাঝাৰ শিক্ষাখণ্ডৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান প্ৰকল্প প্ৰদৰ্শন কৰে।

উক্ত জ্ঞানমেলা আৰু বিজ্ঞান প্ৰদৰ্শনী তথা অভিৱৰ্তনত উপস্থিত থাকি নিজ ভাষণ প্ৰসংগত কোকৰাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদীপ গয়াৰীয়ে কয় যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একো একোটা ক্ষেত্ৰত প্ৰতিভাধৰ যদিও উপযুক্ত পৰিৱেশ নোপোৱালৈকে প্ৰতিভা সুপ্ত হৈ থাকে।

ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা বিজ্ঞান প্ৰকল্পসমূহ প্ৰত্যক্ষ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত লুকাই থকা আৱিষ্কাৰক প্ৰতিভা বাহিৰ কৰি আনিব পাৰিলে দেশ আৰু সমাজৰ মংগল হ’ব বুলি উল্লেখ কৰি খণ্ড পৰ্যায়ৰপৰাই পৰৱৰ্তী পৰ্যায়ত শিশুৰ বিজ্ঞান প্ৰকল্পসমূহ ৰাষ্ট্ৰীয় স্তৰলৈ যাব বুলি মন্তব্য কৰে।

চি আৰ চি চি নৱকান্ত ৰায়ে পৰিচালনা কৰা উক্ত সভাত কেইবাখনো বিদ্যালয়ৰ বিজ্ঞান শিক্ষক, বিপিন বিহাৰী এম ই বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰসেনজিৎ দেৱনাথ , সৰ্বশিক্ষা অভিযানৰ এম আই এচ সমন্বয়ক ফিৰদুচ হুছেইন আদিকে ধৰি কেইবাখনো বিদ্যালয়ৰ শিক্ষক, শিশু বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।