নগাঁওঃ 'অসমীয়া সংগীত নিঃসন্দেহে সৰ্বভাৰতীয়। ই প্ৰান্তীয় অথচ ৰাষ্ট্ৰীয়। ঊনবিংশ শতিকাৰ শেষাৰ্ধত অসমীয়া সুগম সংগীতৰ যেতিয়া নৱোন্মেষ ঘটিছিল, সেই কাল ধৰি আজিলৈকে অসমীয়া সংগীত-লোকসংগীত, ৰাগসংগীত আৰু পাশ্চাত্য সংগীতৰ বিচিত্ৰ উপাদান সমন্বিতে এক সুষম ৰূপত প্ৰতিভাত হৈছে।’ এই মন্তব্য সংস্কৃত ভাষাৰ গীতেৰে সমগ্ৰ ভাৰততে দৃষ্টি আকৰ্ষিত বিশিষ্ট সঙ্গীত-শিল্পী ৰঞ্জন বেজবৰুৱাৰ।
৫ মাৰ্চত শিক্ষাবিদ-গল্পকাৰ-কবি-নাট্যকাৰ-অভিনেতা-হাস্যব্যঙ্গলেখক-সমালোচক কৃষ্ণ মোহন শৰ্মাৰ ওপজা দিন উপলক্ষ্যে ঐতিহ্যমণ্ডিত ফুলগুৰিৰ নিজা বাসভৱন 'প্ৰৱৰালয়’ত আয়োজিত কাব্যধ্বনি, অন্তৰঙ্গ আলাপ তথা প্ৰেৰণা-বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি তেওঁ লগতে কয় যে ''ভাৰতীয় সভ্যতাৰ ৰেঙনি ধৰি ৰাখিছে প্ৰকৃততে কাব্য, চিত্ৰ আৰু সংগীতে। প্ৰাচীনৰ সৈতে অৰ্বাচীনৰ ইয়েই মেলবন্ধন। আজি ধ্ৰুপদী সংগীতেৰে সেই মহা ঐতিহ্যক সুঁৱৰিবৰ সুযোগ আনি দিছে ৰহাৰ 'ৰহদৈ কবি মঞ্চ'ই, যি নেকি এক বিস্তীৰ্ণ অঞ্চলৰেই সংস্কৃতি-চৰ্চাৰ সুন্দৰ মঞ্চৰূপে পৰিগণিত।’’
বিশিষ্ট সংস্কৃত পণ্ডিত ভগৱান চন্দ্ৰ গোস্বামীয়ে বন্তি প্ৰজ্বলনৰে আৰু শিল্পী পেন্সনাৰ পৰাণ দাসৰ পৰিচালনাত গীতাঞ্জলি দাসে বৰগীত পৰিৱেশনৰে শুভাৰম্ভ কৰা মনোজ্ঞ অনুষ্ঠানটি পৌৰোহিত্য কৰে কৃষিবিজ্ঞানী ড° দীনেশ হাজৰিকাই।
জ্যেষ্ঠ সাহিত্যিক চিত্তৰঞ্জন গোস্বামীয়ে সভাখন উদ্বোধন কৰাৰ পাছতেই আৰম্ভ হয় কৃষ্ণমোহন শৰ্মালৈ ওলগণি পৰ্ব। ৰহদৈ কবি মঞ্চৰ হৈ মুখ্য সম্পাদক তপন কুমাৰ হাজৰিকাই, শৰ্মাৰ পৰিয়ালবৰ্গই, অসম সাহিত্য সভাৰ হৈ বিনু লস্কৰ ঠাকুৰীয়াই, নগাঁও জিলা কবি সন্মিলনৰ হৈ পুতুলী মুদৈয়ে, কাব্যকানন গোষ্ঠীৰ হৈ দুৰ্গেশ্বৰ বৰকটকীয়ে, সোণাইপৰীয়া শাখা কবি সন্মিলনৰ হৈ সঞ্জীৱ সাগৰ চৌধুৰীয়ে, অকণিৰ সাহিত্য সভা আৰু ৰাজপথৰ কবিতাৰ হৈ দুলাল বৰাই, ৰাইটাৰ্ছ মীৰ’ৰ অসম-ভাৰতৰ হৈ প্ৰিয়ম কলিতাই, নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ হৈ ৰূপাঞ্জলি দেৱী আৰু ধনদা দেৱীয়ে, ৰহা জাতীয় বিদ্যালয়ৰ হৈ নফিছা বেগমে, বেবেজীয়া জাতীয় বিদ্যালয়ৰ হৈ ঋতুপৰ্ণ শৰ্মাই, নগাঁও মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বিদ্যাৰ্থী হৰিপ্ৰসাদ বৰা, পল্লৱী শইকীয়াই আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে কমল শৰ্মা, ড° নিৰলা দেৱী, প্ৰহ্লাদ মছৰং, লক্ষীপ্ৰসাদ ডেকা, গুনীন্দ্ৰ গায়ন, পুলকানন্দ কৌশিক, ৰঞ্জন বেজবৰুৱা প্ৰমূখ্যে বহুকেইগৰাকী ব্যক্তিয়ে স্বকীয়ভাৱে লগতে অনুষ্ঠানৰ প্ৰতিনিধিৰূপে 'কাব্যপ্ৰৱৰ’ কৃষ্ণমোহন শৰ্মাক স্মাৰক, গামোচা, জাপি, শৰাই, গছপুলি আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায়।
'নূপুৰ মোমাইদেউ' খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই নতুন প্ৰজন্মই এনেদৰে কৃতীমান জ্যেষ্ঠ পুৰুষক জীয়াই থাকোতেই জনোৱা সন্মানক জীয়াই থকাৰ টনিক বুলি অভিহিত কৰাৰ লগতে শিক্ষাবিদ কমল শৰ্মা, দীপ্তি দেৱীশৰ্মা, কবি প্ৰেমনাৰায়ণ নাথ, বিপুল কলিতাকে মুখ্য কৰি কেইবাগৰাকীও ব্যক্তিয়ে বহু প্ৰতিভাধৰ শৰ্মাসম্পৰ্কত বক্তব্যৰ পাছতেই বিগত বছৰৰ দৰেই এইবাৰো অনুষ্ঠিত কৰা হয় বঁটাপ্ৰদান কাৰ্যসূচী।
যুৱ কবি তথা ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা মীনাক্ষি বৰদলৈ, 'জোনাকৰ আলহী', 'জোনাকৰ বৰষুণ' কাব্যগ্ৰন্থৰ কবি লতামণি শৰ্মাক প্ৰদান কৰা হয় ৰহদৈ কবি মঞ্চৰ প্ৰেৰণা বঁটা। পত্নী তৰু শৰ্মাৰ পৃষ্ঠপোষকতাত ৰহদৈ কবিমঞ্চৰ এই বঁটা প্ৰদান কৰে ড° দীনেশ হাজৰিকা আৰু কৃষ্ণমোহন শৰ্মাই। শিশু শিল্পী স্বস্তিকা মাংগল্যা শৰ্মাৰ কৃষ্ণনৃত্য আৰু বিষ্ণুপ্ৰিয়া দাসৰ গীত পৰিৱেশনৰ পাছতেই অনুষ্ঠিত হয় 'কাব্যধ্বনি' শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান।
বিশিষ্ট কবি প্ৰেম নাৰায়ণ নাথ, দুৰ্গেশ্বৰ বৰকটকী, বিপুল চন্দ্ৰ কলিতা, চন্দন গোস্বামী, পুতুলী মুদৈ, ৰাকেশ ধিৰ মেধি, নীলাভ সৌৰভ, ৰূপম নাথ, মিণ্টু দাস, জ্যোতি পৱন, হাইচ উদ্দিন আহমেদ, জয়াপ্ৰভা মুদৈ, তেজস্বিনী কৌৰ, কল্যাণ মেধি, নিৰলা ইংহিপি, মুকুট প্ৰৱৰ শৰ্মা, অবিনাশ দাস, পৱন শৰ্মা, মঞ্জু দেৱী, দীনবন্ধু দাস, পাৰবিন বেগম, দীপক দাস, লক্ষ্যজ্যোতি বৰা, নিজৰা গোস্বামী প্ৰমূখ্যে ডেৰকুৰি কবিৰ কাব্যপাঠৰে মুখৰিত হয় 'প্ৰৱৰালয়’ৰ চোতাল।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী ৰঞ্জন বেজবৰুৱাৰ সংস্কৃত আৰু অসমীয়া কালজয়ী গীতৰ পৰিৱেশনে এক অনন্য মাত্ৰা প্ৰদান কৰা সভাখনৰ সফল সামৰণিত অচ্যুত প্ৰৱৰ শৰ্মাই সকলোকে ধন্যবাদ জনায়। উল্লেখ্য যে অনুষ্ঠানটি আঁত ধৰিছিল তপন কুমাৰ হাজৰিকা, কবি মদাৰজ্যোতি আৰু ৰূপম নাথে।