গুৱাহাটীঃ একাধিক খেলি-মেলিৰে ভাৰাক্ৰান্ত গুৱাহাটী বিশ্ববিদ্যালয়। কেতিয়াবা যদি পৰীক্ষা পদ্ধতিৰ আঁসোৱাহক লৈ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন চলাবলগীয়া হৈছে, আন কেতিয়াবা আকৌ পৰীক্ষাৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।

এনেধৰণৰ হাজাৰ-বিজাৰ খাম-খেয়ালিৰ মাজতে পোহৰলৈ আহিছে বিশ্ববিদ্যালখনৰ বহী পুনৰীক্ষণ বিভাগৰ দায়িত্বহীনতা। ১৪ বাৰকৈ তাত-বাতি কাঢ়িও সুফল নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিৰুদ্ধে।

শিক্ষামন্ত্ৰীলৈ মুকলি চিঠি লিখি এই অভিযোগ উত্থাপন কৰিছে বি.এইচ মহাবিদ্যালয়ৰ স্নাতক মহলাৰ বিজ্ঞান শাখাৰ এজন ছাত্ৰই। তলত ছাত্ৰজনৰ চিঠিখন হুবহু প্ৰকাশ কৰা হৈছে।

সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়,

পোন প্ৰথমে মোৰ সশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব। মই কপিল দাস। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বি.এইচ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাষিকৰ(প্ৰাণী বিজ্ঞান বিভাগ) চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন ছাত্ৰ।

কিন্তু অতি দুখেৰে জনাও যে, দ্বিতীয় ষাণ্মাষিকৰ সাধাৰণ বিষয় হিচাপে থকা ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকতৰ উত্তৰ বহীত আশা কৰা ধৰণে নম্বৰ নোপোৱাৰ কাৰণে, মই পুনৰ নিৰীক্ষণৰ বাবে ৭০০ টকাৰ চালান কাটি আবেদন জনাইছো।

তাৰ পিছত একাধিকবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহী পুনৰীক্ষণ বিভাগৰ কাৰ্য্যলয়ত যোগাযোগ কৰাৰ পিছত, মোৰ নম্বৰ অলপ বৃদ্ধি হোৱা বুলি ডেকা উপাধিৰ কাৰ্য্যালয়ৰ সহকৰ্মী এজনে জনায় আৰু নতুন মাৰ্কশ্বিটখন জমা দিবলৈ কয়।

সেই মৰ্মে মই মাৰ্কশ্বিটখন জমা দি আহো আৰু প্ৰায় দুই তিনিমাহৰ মূৰে মূৰে মাৰ্কশ্বিটখন আনিবলৈ গৈ প্ৰায় ১৪ বাৰ বিফল হৈছো। ২০১৫ বৰ্ষতে পুনৰীক্ষণৰ বাবে দিয়া বহীখনৰ নম্বৰ এতিয়ালৈকে নাপাই মই চৰম হতাশাত ভুগিছো। এতিয়া কথাটো আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো।

আপোনাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই অতি সোনকালে সুফল পাম বুলি আশাৰে বাট চাই ৰলো।    

ইতি--

কপিল দাস

স্নাতক ষষ্ঠ ষাণ্মাষিক, প্ৰাণীবিজ্ঞান বিভাগ, বি এইচ মহাবিদ্যালয়

মোবাইল নংঃ  ৯৭০৬৪৩৯০৩