নগাঁওঃ নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্য়ালয়ৰ প্ৰেক্ষাগৃহত আজি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত উন্মোচন কৰা হয় ২৪খনকৈ শিশু গ্ৰন্থৰ ৰচয়িতা, বিশ্বনাথ শাখা সাহিত্য সভাৰ সভানেত্ৰী, প্ৰচাৰ বিমুখ সাহিত্যিক কনকলতা নেওগৰ শিশু উপযোগী গ্ৰন্থ ‘মইনাহঁতৰ ড. আব্দুল কালাম’।
অগ্ৰণী প্ৰকাশন সংস্থা আলিবাট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সাহিত্যিক ড. খৰ্গেশ্বৰ ভূঁঞাই।
সভাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত The Assam Tribune কাকতৰ নিয়মীয়া নিৱন্ধকাৰ তথা আন্ত:ৰাষ্ট্ৰীয় সাহিত্যিক মুল্কৰাজ আনন্দৰ বিখ্যাত Two Leaves and a bud শীৰ্ষক গ্ৰন্থখনি ‘এটি কলি দুটি পাত’ নামেৰে অসমীয়ালৈ অনুবাদ কৰা সাহিত্যিক বাবুল তামুলীৰ স্মৃতিত প্ৰাৰ্থনাসভা অনুষ্ঠিত হয়।
ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত উন্মোচনী সভাত ড. ভূঁঞাই নিজৰ বক্তব্যত শিশু সাহিত্যৰ ভূমিকা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে দোহাৰে। সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে নগাঁও জিলাৰ উপায়ুক্ত ছমচেৰ সিং। উপায়ুক্তগৰাকীয়ে অতি কম সময় আৰু শব্দত ড. কালামৰ মানৱীয় ব্যক্তিত্বৰ অন্য এক মোহনীয় ৰূপ দাঙি ধৰি কয় যে ড. কালামৰ পৰা সমগ্ৰ বিশ্বৰ মানৱ সমাজে যথেষ্ঠ শিকিবলগীয়া আছে।
তেঁও লেখিকা কনকলতা নেওগে প্ৰৌঢ়ত্বৰ কালতো শৰীৰৰ সমস্ত পীড়া নেওচি সাহিত্য সৃষ্টিৰ সাধনাত ব্ৰতী হৈ থকাত সন্তোষ প্ৰকাশ কৰি সাহিত্যিকগৰাকীৰ এই যাত্ৰা অব্যাহত থকাৰ কামনা কৰে। অনুষ্ঠানটোত সাহিত্যিক-অধ্যাপক ড. চিন্তামণি শৰ্মা, সদ্য আই এ এছ প্ৰাপ্ত অসমীয়া শুভ্ৰজিৎ বৰা প্ৰমূখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।