♦ বলিষ্ঠ কণ্ঠেৰে সমষ্টিৱাসীৰ হৈ সংসদত মাত মাতিমঃ শইকীয়া
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ বহু জল্পনা কল্পনাৰ অন্তত দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা আজি সম্পন্ন হৈ গ'ল।
অসমৰো ৫১ টা ভোটগণনা কেন্দ্ৰত একে সময়তে ভোটগণনা কাৰ্য সম্পন্ন হয়। এই ভোটগণনাৰ জৰিয়তে ৰাজ্যৰ ১৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ল।
ৰাজ্যখনৰ অন্যতম লোকসভা সমষ্টি ৮ নম্বৰ মঙ্গলদৈ লোকসভা সমষ্টি পূৰ্ৱৰ দৰে পুনৰ বিজেপি দলটোৱে দখল কৰিলে।
লোকসভা সমষ্টিটোৰ অন্তৰ্গত ওদালগুৰি জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি ক্ৰমে ৬৪ নম্বৰ পানেৰী, ৬৯ নম্বৰ ওদালগুৰি আৰু ৭০ নম্বৰ মাজবাটৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয় ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কক্ষত।
ভোটগণনাৰ প্ৰথমাৱস্থাৰপৰাই ক্ৰমাগতভাৱে অগ্ৰগতিৰ ধাৰা অক্ষুন্ন ৰাখি অৱশেষত জয়ৰ লক্ষ্যত উপনীত হয় বিজেপি দলৰ প্ৰাৰ্থী দিলীপ কুমাৰ শইকীয়া।
বৰ্তমানলৈ ১,২৬,৬৩৭টা ভোটত অগ্ৰগতি লাভ কৰিছে শইকীয়াই। নিজৰ জয় নিশ্চিত বুলি দাবী কৰি অনাগত দিনত সংসদত সমষ্টিৱাসীৰ হৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।