ফখৰুল ইছলাম, দৰংঃ দৰং জিলাৰ দলগাও থানাৰ অন্তৰ্গত বেছিমাৰীত বাণিজ্য শাখাত এশ শতাংশ উৰ্ত্তীৰ্ণৰে জিলিকিল বেছিমাৰী কনিষ্ঠ মহাবিদ্যালয়৷ মহাবিদ্যালয়খনৰ ফলাফল অনুসৰি প্ৰথম স্থানত মাফুজা খাতুন (ইংৰাজী, অসমীয়া, ব্যৱসায় অধ্যয়ন, বেংকিং)বিষয়ত লেটাৰ নম্বৰসহ ৮২.৫%, দ্বিতীয় স্থানত মৰ্জিনা খাতুন (ব্যৱসায় অধ্যয়ন, অসমীয়া)বিষয়ত লেটাৰ নম্বৰ সহ ৭৫%, তৃতীয় স্থানত নিলিমা খাতুন (ব্যৱসায় অধ্যয়ন)বিষয়ত লেটাৰ নম্বৰ সহ ৭২.৬%, চতুৰ্থ স্থানত ছানাউল্লাহ আৰু মমিন আলীয়ে ৬২.৫% আৰু বাকী ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হৈ বেছিমাৰী জুনিয়ৰ কলেজলৈ এশ শতাংশ উত্তীৰ্ণৰে বৃহত্তৰ অঞ্চললৈ সুনাম কঢ়িয়াই

আনে।

আনহাতে কলা শাখাৰ ফলাফল অনুসৰি প্ৰথম স্থানত নাজমা বেগম (অসমীয়া, ৰাজনীতি বিজ্ঞান, শিক্ষা, ইতিহাস) বিষয়ত লেটাৰ নম্বৰ সহ ৮৭%, দ্বিতীয় স্থানত নাৰ্জিনা চুলতানা (অসমীয়া, ৰাজনীতি বিজ্ঞান, শিক্ষা, ইতিহাস) বিষয়ত লেটাৰ নম্বৰ সহ ৮৫%, তৃতীয় স্থানত মমতাজ বেগম (অসমীয়া, ৰাজনীতি বিজ্ঞান, শিক্ষা, ইতিহাস) বিষয়ত লেটাৰ নম্বৰসহ ৭৮%, চতুৰ্থ স্থাথত জান্নাতুল ফিৰদৌচ (ৰাজনীতি বিজ্ঞান, অসমীয়া) বিষয়ত লেটাৰ নম্বৰ সহ ৭৪.৬%, পঞ্চম স্থানত ফাৰহানা ইয়াছমিন (ৰাজনীতি বিজ্ঞান, শিক্ষা) বিষয়ত লেটাৰ নম্বৰসহ ৭২% ষষ্ঠ স্থানত ইয়াছমিনা পাৰবিন (শিক্ষা) বিষয়ত লেটাৰ নম্বৰসহ ৭১%, সপ্তম স্থানত খালিদা বেগম (অসমীয়া, ৰাজনীতি বিজ্ঞান) বিষয়ত লেটাৰ নম্বৰসহ ৭০%, অষ্টম স্থানত বাবৰ আলী (ৰাজনীতি বিজ্ঞান) লেটাৰ নম্বৰসহ ৬৯% আৰু দ্বিতীয় বিভাগত ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এশ শতাংশ উৰ্ত্তীৰ্ণ হৈ কনিষ্ট মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাত কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ আশ্বাদ উদ্দিন আহমেদে সকলো বিষয় শিক্ষক তথা ছাত্ৰছাত্ৰী সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি অনাগত দিনত ছাত্ৰ-ছাত্ৰীসকলৰ ভাল ফলাফলৰ আশা কৰে৷