♦ ডিফুত চৰকাৰী মাধ্যমতকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ডনবস্ক'ত এশ শতাংশ নম্বৰ লৈ উজলিল
ছাইদুল ইছলাম, ডিফুঃ শনিবাৰে ঘোষিত অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কাৰবি আংলঙৰ উত্তীৰ্ণৰ হাৰ ক্ৰমে, ক'লা শাখাত ৬০'৮১, বাণিজ্যত ৮৬' ৮৩ শতাংশ আৰু বিজ্ঞান শাখাত ৮২ শতাংশ ৷
ইয়াৰে ক'লা শাখাত ৪০১৪ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ২৪৪১ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ১৩৩, দ্বিতীয় বিভাগত ৪৬২ আৰু তৃতীয় বিভাগত ১৮৪৬ গৰাকী উত্তীৰ্ণ হয় ৷ বাণিজ্য শাখাত ৪৬৩ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ৪০২ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ৬৮, দ্বিতীয় বিভাগত ১৫০ আৰু তৃতীয় বিভাগত ১৮৪ গৰাকী উত্তীৰ্ণ হয় ৷
বিজ্ঞান শাখাত ৫৩৯ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ৪৪২ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ১০৫, দ্বিতীয় বিভাগত ২২৯ আৰু তৃতীয় বিভাগত ১০৮ গৰাকী উত্তীৰ্ণ হয় ৷
আনহাতে ডিফুৰ ডনবস্ক' জুনিয়ৰ কলেজ আৰু ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এশ শতাংশ ফলাফল লৈ স্বমহিমাৰে উজলি উঠিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ডনবস্ক' জুনিয়ৰ কলেজৰ ক'লা শাখাত ১২৮ অৱতীৰ্ণ, উত্তীৰ্ণ ১২৮, প্ৰথম বিভাগত ৩২, দ্বিতীয় বিভাগত ৬৪ আৰু তৃতীয় বিভাগত ৩২ গৰাকী উত্তীৰণ হয় ৷ বিজ্ঞান শাখাত অৱতীৰ্ণ ২৮, উত্তীৰ্ণ ২৮, প্ৰথম বিভাগত ১৭ আৰু দ্বিতীয় বিভাগত ১১ গৰাকী উত্তীৰ্ণ হয় ৷
বাণিজ্য শাখাত অৱতীৰ্ণ ২২ জন উত্তীৰ্ণ ২২, প্ৰথম বিভাগত ১৫, দ্বিতীয় বিভাগত ০৭ গৰাকী উত্তীৰ্ণ হয় ৷ ক' লা শাখাত ৰাচিংজা তেৰাঙপীয়ে লাভ কৰিছে ৮২ শতাংশ, এগ্নেছ তেৰণপীয়ে লাভ কৰিছে ৮১'৮ শতাংশ নম্বৰ আৰু বিজ্ঞান শাখাত অনিকেত বসুৱে লাভ কৰিছে ৮৬'৪ শতাংশ আৰু সঞ্জু তিচ'ৱে লাভ কৰিছে ৮০' ২ শতাংশ ৷
আনহাতে ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এশ শতাংশ ফলাফল বিদ্যালয় খনৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷
বিদ্যালয় খনত ক'লা শাখাত অৱতীৰ্ণ হৈছিল ৬৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৬৬ গৰাকী, প্ৰথম বিভাগত ১৫, দ্বিতীয় বিভাগত ৩৬ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৫ গৰাকী ৷ বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ৩৫ গৰাকী আৰু ৩৫ গৰাকীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে , প্ৰথম বিভাগত ২০, দ্বিতীয় বিভাগত ১৪ আৰু তৃতীয় বিভাগত ১ গৰাকী উত্তীৰ্ণ হৈছে ৷
বিজ্ঞান শাখাত ৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ৩২ গৰাকীয়েই উত্তীৰ্ণ হৈছে, প্ৰথম বিভাগত ১২, দ্বিতীয় বিভাগত ১৭ আৰু তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হৈছে ৷ ৬০ গৰাকীয়ে লেটাৰ মাৰ্ক পাইছে ইয়াৰে ক'লাত পল্লবী ভনিকৰ ৮১'৪০ % , জোনালী তেৰাঙপী ৭৫'২০% , বাণিজ্যত দীপশিখা দাসৰ ৮২% , বিক্কি পালৰ ৮০'৮০%, বিনোদ মাহাতুৰ ৮০'৬০% ,ফৰজানা খাতুনৰ ৭৬'৪০% , আৰু আকাশ জয়ছোৱালৰ ৭৬'২০ শতাংশ ৷
বদন মেম'ৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এশ শতাংশ সফলতা ৷ বিদ্যালয় খনত বিজ্ঞান আৰু বাণিজ্য শাখাত এজনকৈ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ক্ৰমে, দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ চিংকিৰি কলেজতো এশ শতাংশ ফলাফল লাভ কৰিছে ৷
ক'লা শাখাত ১০ জন অৱতীৰ্ণ হৈ ১০ জন উত্তীৰ্ণ হয় ৷ প্ৰথম বিভাগত ১, দ্বিতীয় ৬ আৰু তৃতীয় বিভাগত ৩ জন উত্তীৰ্ণ হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি ডিফু চৰকাৰী মহাবিদ্যালয়ত ক্ৰমে, ক'লা শাখাত ৫৭৫ জন অৱতীৰ্ণ হৈ ২১৭ জন উত্তীৰ্ণ হয় , প্ৰথম বিভাগত ৯ দ্বিতীয় বিভাগত ৫৮, আৰু তৃতীয় বিভাগত ১৫০ গৰাকী উত্তীৰ্ণৰে ৩৭'৭৩ শতাংশ লাভ কৰে ৷
বিজ্ঞান শাখাত ২০৮ গৰাকী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১৬০ গৰাকী উত্তীৰ্ণ হৈ শতকৰা ৭৬'৯২ শতাংশ লাভ কৰে ৷ প্ৰথম বিভাগত ১৪, দ্বিতীয় বিভাগত ৮৯ আৰু তৃতীয় বিভাগত ১৬০ গৰীকী উত্তীৰ্ণ হয় ৷ আৰু বাণিজ্য শাখাত ৭৫ গৰাকী অৱতীৰ্ণ হৈ মাত্ৰ ৩৭ গৰাকী উত্তীৰ্ণ হৈ ৪৯'৪৫ শতাংশ লাভ কৰে, প্ৰথম বিভাগত ১, দ্বিতীয় বিভাগত ৯ আৰু তৃতীয় বিভাগত ২৭ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয় ৷ ৰেণু তেৰাঙপী মহাবিদ্যালয়ত কেৱল ক' লা শাখাত ৮৩ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণহৈ ৬৮ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ০, দ্বিতীয় বিভাগত ২২ আৰু তৃতীয় বিভাগত ৩৫ গৰাকী উত্তীৰ্ণ হৈছে ৷ মহাবিদ্যালয় খনৰ তৃষ্ণামণি বৰদলৈ ক'লা শাখাত ৮৮'৬ শতাংশ নম্বৰ লাভ কৰে ৷
ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক' লা শাখাত ১৮০ গৰাকী অৱতীৰ্ণ হৈ ১১৩ গৰাকী উত্তীৰ্ণ হয় ৷ প্ৰথম বিভাগত ১ দ্বিতীয় বিভাগত ১৪ আৰু তৃতীয় বিভাগত ৯৮ গৰাকী উত্তীৰ্ণৰে ৬২'৭% লাভ কৰে ৷ বিজ্ঞান শাখাত ৪০ গৰাকী অৱতীৰ্ণ হৈ ৩১ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ০, দ্বিতীয় বিভাগত ১২ আৰু তৃতীয় বিভাগত ১৯ গৰাকী উত্তীৰ্ণ হৈ ৭৭'৫ শতাংশ লাভ কৰে ৷
ৰাজ্য শাখাত ৭১ গৰাকী অৱতীৰ্ণ হৈ ৫৮ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ০, দ্বিতীয় বিভাগত ৫ আৰু তৃতীয় বিভাগত ৫৩ গৰাকী উত্তীৰ্ণৰে বিদ্যালয় খনে বাণিজ্যত ৮১'৬৯ শতাংশ লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ তৃতীয় বিভাগত ১৮ গৰাকী উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে ৷