গুৱাহাটীঃ ঘোষিত হ’ল উচ্চতৰ মাধ্যমিকৰ ২০১৯ বর্ষ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত জিলা হিচাপত সৰ্বাধিক ৮৯.৫২ শতাংশ উত্তীৰ্ণৰে প্ৰথমস্থানত পুনৰ জিলিকিল বানে গৰকা ধেমাজি। জিলাখনৰপৰা এইবাৰ মুঠ অৱৰ্তীন হৈছিল ৬০৩১ গৰাকী পৰীক্ষাৰ্থী। তাৰে ৩১০ গৰাকী প্ৰথম বিভাগ, ২০৭০ গৰাকী দ্বিতীয় বিভাগ আৰু ৩০১৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। জিলাখনত মুঠ উত্তীৰ্ণ হৈছে ৫৩৯৯ গৰাকীৰ ছাত্ৰ-ছাত্ৰী।
কলা শাখাত উত্তীৰ্ণ সৰ্বনিম্ন জিলা হৈছে চিৰাং। জিলাখনত উত্তীৰ্ণৰ হাৰ ৫৬.৩৬ শতাংশ। এইবাৰ জিলাখনৰপৰা মুঠ ৩১১২ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীণ হৈছিল। তাৰে ২১০ গৰাকী প্ৰথম বিভাগ, ৫৩২ গৰাকী দ্বিতীয় বিভাগ আৰু ১০১২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। জিলাখনত মুঠ উত্তীণ হৈছে ১৭৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী।
একেদৰে বিজ্ঞান শাখাত ৯২.৪৩ শতাংশ উত্তীৰ্ণৰে প্ৰথম স্থানত জিলিকিলে যোৰহাট জিলা। জিলাখনৰপৰা মুঠ ১৭০৫ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল। তাৰে ৯৯৪ গৰাকী প্ৰথম বিভাগ, ৫১৯ গৰাকী দ্বিতীয় বিভাগ আৰু ৬৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। জিলাখনত মুঠ উত্তীৰ্ণ হৈছে ১৫৭৬ গৰাকী ছাত্ৰ-ছাত্ৰী। উল্লেখ যে এইবাৰ কলা শাখাত ৰাজ্যখনৰপৰা পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল ১৭,৮৯৯৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উত্তীৰ্ণ হৈছে ১৩৪৯৬ গৰাকী ছাত্ৰ-ছাত্ৰী। উত্তীৰ্ণৰ হাৰ ৭৫.১৪ শতাংশ।
আনহাতে বিজ্ঞান শাখাত ৭১.৯৩ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন জিলা হৈছে চিৰাং। এইবাৰ জিলাখনৰপৰা মুঠ ৩৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱত্তীৰ্ণ হৈছিল। তাৰে উত্তীৰ্ণ হৈছে ২৬৯ গৰাকী ছাত্ৰ-ছাত্ৰী। প্ৰথম বিভাগত ১০০ গৰাকী, দ্বিতীয় বিভাগত ১৩৫ গৰাকী, তৃতীয় বিভাগত ২৬৯ গৰাকী উত্তীৰ্ণ হৈছে।
উল্লেখ যে এইবাৰ বিজ্ঞান শাখাত অৱত্তীৰ্ণ হৈছিল ৩৬,৪৬৯ গৰাকী ছাত্ৰ-ছাত্ৰী। তাৰে উত্তীৰ্ণ হৈছে ৩১,৫৭৭ গৰাকী ছাত্ৰ-ছাত্ৰী। বিজ্ঞান শাখাত উত্তীণ হাৰ ৮৬.৫৯ শতাংশ।
ইফালে বাণিজ্যক শাখাত ৯৫ শতাংশ উত্তীৰ্ণৰে ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থানত থকা জিলা হৈছে দক্ষিণ শালমৰা। জিলাখনৰপৰা এইবাৰ বাণিজ্যিক শাখাত অৱৰ্তীণ হৈছিল ৪০ গৰাকী ছাত্ৰ-ছাত্ৰী। তাৰে ১১ গৰাকীৰ প্ৰথম বিভাগ, ২২ গৰাকী দ্বিতীয় বিভাগ আৰু ৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণ হৈছে ৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী।
ইফালে বাণিজ্যিক শাখাত ৬৮.৮৩ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন জিলা হৈছে কোকৰাঝাৰ। জিলাখনৰপৰা এইবাৰ বাণিজ্যিক শাখাত অৱত্তীৰ্ণ হৈছিল ১৫৪ গৰাকী ছাত্ৰ-ছাত্ৰী। তাৰে ১৩ গৰাকী প্ৰথম বিভাগ,৩০ গৰাকী দ্বিতীয় বিভাগ আৰু ৬৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণ হৈছে ১০৬ গৰাকী ছাত্ৰ-ছাত্ৰী।
উল্লেখ যে এইবাৰ ৰাজ্যখনত বাণিজ্যিক শাখাত অৱত্তীৰ্ণ হৈছিল ১৭৭৯৭ গৰাকী ছাত্ৰ-ছাত্ৰী। তাৰে উত্তীৰ্ণ হৈছে ১৫,৫৮৯ গৰাকী ছাত্র-ছাত্ৰী। উত্তীৰ্ণৰ শতকৰা ৮৭.৫৯ শতাংশ।