গুৱাহাটীঃ অহা ৯ জুনত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ ভিতৰত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ইয়াৰ মিত্ৰ দল অগপত এৰি দিয়াৰ পাছত প্ৰথমখন আসনৰ বাবে বিজেপিয়ে সোমবাৰে বিয়লি সিদ্ধান্ত গ্ৰহণ কৰিব।
ৰাজ্যসভাৰ এই দ্বিতীয়খন আসনৰ প্ৰাৰ্থী নাম চূড়ান্ত কৰাৰ বাবে দলটোৰ বিধায়নী দলৰ বৈঠক আহ্বান কৰা হৈছে। আবেলি ৫ বজাত বিজেপিৰ বিধায়নী কক্ষত অনুষ্ঠিত হ’ব এই বৈঠক।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিবলগীয়া বৈঠকখনত সকলো বিজেপি বিধায়কক উপস্থিত থকা নির্দেশ জাৰি কৰিছে বিধায়নী দলৰ সচিব বিমল বৰাৰ। বৈঠকতে সৰ্বসন্মতি ক্ৰমে চূড়ান্ত কৰা হ’ব ৰাজ্যসভাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ নাম।
উল্লেখ যে মিত্ৰতাৰ অংশীদাৰ হিচাপে ইতিমধ্যে অগপই লাভ কৰা ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে দলটোৱে জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নাম ঘোষণা কৰা হৈছে।
আনহাতে মঙলবাৰলৈ ৰাজ্যসভাৰ আসন দুখনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন।