♦ অবৈধ ব্যৱসায়ীৰপৰা কমিচন লোৱাত ব্যস্ত আবকাৰী বিভাগ

জিতুমণি দাস, মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰী নগৰ আৰক্ষীৰ চকীৰ অন্তৰ্গত পলাশবাৰী পৌৰসভা এলেকাৰ বজাৰসমূহত এতিয়া অলিয়ে-গলিয়ে সুলভ হৈ পৰিছে অবৈধ বিলাতী আৰু দেশীয় সুৰাৰ ৰমৰমীয়া বেহা।

আবকাৰী নামৰ বিয়াগোম বিভাগটোৰ একাংশ বিষয়াই সুৰাৰ অবৈধ ব্যৱসায়ীৰ সৈতে কমিচনৰ বুজাবুজিৰে অঘোষিত অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ উঠি অহাৰ সময়তে মঙলবাৰে দুপৰীয়া পলাশবাৰী নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত এটা দলে অভিযান চলাই এটা গুদামত মজুদ কৰি ৰখা বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

কিছুদিন পূৰ্বে মিৰ্জাস্থিত আৱকাৰী বিভাগৰ কাৰ্যালয়ৰপৰা পলাশবাৰীৰ বিভিন্ন ঠাইত অভিযান চলাইছিল যদিও নিয়মীয়াকৈ কমিচন লাভ কৰা সুৰা ব্যৱসায়ীসকলক বিনা দ্বিধাই অবৈধ ব্যৱসায় চলাই যাবলৈ দি যি সকলৰপৰা কমিচন নাপায় সেইসকলৰ বিৰুদ্ধে অভিযান চলোৱা বুলি অভিযোগ উত্থাপিত হৈছিল।

আজি দুপৰীয়া আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই অবৈধ সুৰাৰ এই ঘাটিটো উৎখাত কৰি ইয়াৰ লগত জড়িত থকা সুৰা মাফিয়াৰ বিৰুদ্ধে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। কমিচনৰ অংকত ব্যস্ত থকা আৱকাৰী বিভাগৰ বিপৰীতে আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলগীয়া হোৱাত বিষয়টো সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে আৱকাৰী বিভাগে অভিযান চলালে আৰক্ষীক অৱগত নকৰে বুলিও মন্তব্য কৰে।

সেয়েহে উপাই বিহীন হৈ এইদৰে অবৈধ সুৰা বিৰোধী অভিযান আৰক্ষীয়ে চলাবলগীয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।