♦ যন্ত্ৰণা ভূগিছে চুবুৰীয়া ৰাইজে
নলবাৰীঃ পঞ্চায়ত আহে আৰু যায়৷ কামো কৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে৷ কিন্তু ৰাইজৰ উপকাৰত অহা ধৰণৰ কোনো কামে হোৱা দেখা নাযায়৷ বহুতো পথ আছে যিটো পথৰ উন্নয়নৰ কাম প্ৰত্যেকখন পঞ্চায়তে কৰে, মুনফাও লভে মধ্যভোগীয়ে, কিন্তু ৰাইজেৰ ক্ষেত্ৰত একো উপকাৰত নাহে, মাত্ৰ বোকাপানী গছকিহে পথটোৰে অহা-যোৱা কৰিব লাগে৷
তেনেকুৱা এটি পথ হৈছে নলবাৰী বিধানসভা সমষ্টিৰ পূৰ্ণদৈচপৰা গাঁৱৰ মহাপুৰুষিয়া চুবুৰীৰ পথ৷ লহকৰ বেকাৰীৰ সন্মুখৰপৰা চুবুৰীটোৰ মাজৰে দক্ষিণ ফালৰ ধৰণী লহকৰৰ ঘৰৰ ওচৰলৈ আধা কিঃ মিঃ দৈৰ্ঘ্যৰ উক্ত পথটি দেখিলে সঁচাকৈয়ে পুতৌ লগা৷
বিগত ২০০১ চনৰপৰা বৰ্তমান সময়লৈকে অহা প্ৰত্যেকখন পঞ্চায়তে পথটো মেৰামতি কৰাৰ নামত আঁচনি কৰি সামন্য কাম কৰি দায়িত্ব সাৰে৷ যাৰ ফলত চুবুৰীবাসী ৰাইজে বছৰে বছৰে বোকা-পানী গছকি অহা-যোৱা কৰিব লগা হৈ আছে৷ বৰ্তমান নতুন পঞ্চায়তে দায়িত্বভাৰ লৈছে৷ চুবুৰীবাসীৰ আশা বৰ্তমানৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে নিশ্চয় পথটো যাতায়াতৰ বাবে সুচল কৰি তুলিব৷ কিন্তু পথটো নতুনকৈ মেৰামতি কৰাৰ সময়লৈকে চুবুৰী বাসীয়ে যথেষ্ট কষ্ট ভোগ কৰিব লাগিব৷ সেয়েহে নতুন কাম আৰম্ভ কৰা সময়লৈকে পথটোত যাতায়াত সুচল কৰাৰ বাবে অন্তত কিছু পৰিমাণে শিল-বালি ছতিয়াই দিয়াৰ বাবে গাঁও পঞ্চায়ত অথবা আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিক আহ্বান জনাইছে৷