কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানা অন্তৰ্গত খেৰণি পুৰণা বস্তিত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। সামান্য লিচু চুৰি কৰাৰ অপৰাধত ৮ বছৰীয়া কণমানি শিশুক গুৰুলা গুৰুলকৈ প্ৰহাৰ গৃহস্থৰ।

শিশুটিক প্ৰহাৰ কৰাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ইয়াৰ পাছতেই ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে কণমানি শিশুটিৰ অভিভাৱকে। সঁচাকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা শিশুটিক প্ৰহাৰ কৰা দৃশ্য দেখিলে আপোনাৰো কপাল কোঁচ খাই উঠিব।

একাংশ লোকে দেৱতুল্য এটি কণমানি শিশুক এনেদৰে নির্মমভাৱে প্ৰহাৰ কৰা দৃশ্য দেখিলে হয়তো আপুনিও গৰজি উঠিব আক্ৰমনকাৰীৰ বিৰুদ্ধে। খেৰণি পুৰণা বস্তিৰ পান্না দেৱীৰ এগৰাকী পুত্ৰ  সন্তানে ওচৰৰে গৌতম শুক্লাৰ ঘৰত নিশা গোপনে লিচু চিঙিছিলগৈ। তেনে অৱস্থাতে গৃহস্থই দেখা পাই আবদ্ধ কৰি লৈ গৌতম শুক্লাসহ গৃহস্থৰ একাংশ সদস্যই নিৰ্মমভাৱে প্ৰহাৰ কৰে শিশুটিক।

ইয়াৰ পাছত ঘটনা সন্দৰ্ভত অভিভাৱকে গম পাই খেৰণি থানাত গৌতম শুক্লাসহ মুঠ পাঁচজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। গৃহস্থৰ প্ৰহাৰত আঘাপ্ৰাপ্ত হোৱা শিশুটিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় বুলি শিশুটিৰ পৰিয়ালে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আক্ৰমণকাৰী গৌতম শুক্লা এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলি ইতিমধ্যে জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হ'ল সামান্য লিচু চুৰি কৰাৰ অভিযোগত শিশুটিক প্ৰহাৰ কৰা দানৱৰূপী লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে এক লক্ষণীয় বিষয় হৈ পৰিছে বৃহত্তৰ খেৰণি অঞ্চলৰ জনতাৰ মনত।