নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী পহৰা চকীৰ এটি দলে বৃহস্পতিবাৰে নিশা ডিমৌ-বৰঘাট সংযোগী ফ’ৰলেন বাইপাছত কেইবা লক্ষাধিক টকাৰ চুৰি ৰ’ড জব্দ কৰাৰ লগতে এই চুৰিকাৰ্যৰ লগত জড়িত পাঁচজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, চুৰেন্দৰ সিং নামৰ ব্যৱসায়ীজনৰ বেবেজীয়াৰ সমীপত নিৰ্মীয়মান অৱস্থাত থকা ব্যবসায়ীক প্ৰতিস্থান এটাত ব্যবহাৰৰ বাবে মজুত কৰি ৰখা এই ৰ’ডখিনি প্ৰতিষ্ঠানটোত কাম কৰা মিস্ত্ৰী আব্দুল বাৰিক, ইছমাইল হুছেইন আৰু খাইৰুল ইছলামৰ সহযোগত এটা চোৰৰ দলে কৌশলেৰে চুৰি কৰি এ এছ-০২-বি চি ৯৪৩৯ নম্বৰৰ মেজিক ভানখনেৰে কঢ়িয়াই আনি থকা অৱস্থাত বেবেজীয়া আৰক্ষীয়ে জব্দ কৰে৷
চুৰিচক্ৰটোৰ চাৰিটা চোৰ আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰিবলৈ সক্ষম হয় যদিও ব্যৱসায়িক প্ৰতিষ্ঠানটোত কৰ্মৰত মিস্ত্ৰি তিনিটাৰ লগতে গাড়ীখনৰ চালক জলিল আহমেদ আৰু হেণ্ডিমেন ৰকিবুল হুছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা লোককেইজনক অধিক তথ্যৰ বাবে সোধাপোছা কৰি চুৰি চক্ৰটোৰ আন কেইটা সদস্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, নিৰ্মিয়মান ব্যৱসায়িক প্ৰতিস্থানটোৰ স্বত্বাধিকাৰী চুৰেন্দৰ সিং নগাঁও জিলাৰ প্ৰাক্তন উপায়ুক্ত এ ছি এছ বিষয়া ছমচেৰ সিঙৰ ভাতৃ৷