খেৰণিঃ  জাল নোট-মৰণাস্ত্রসহ চাৰিজনক আটক। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু হোজাই জিলাৰ ডবকাৰপৰা আটক জ্ঞানবাহাদুৰ লামা (৩১), জয়ন্ত সিং(৩৭), ফাইজোল ইছলাম (৪১) আৰু নিখিল তেৰাং (১৯)।

ৰাজ্যত জাল নোট প্ৰচলনৰ ব্যৱসায় অব্যাহত। নিতৌ জাল নোট প্ৰচলনৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যখনৰ একাংশ দুষ্ট চক্ৰই। এইবাৰ জাল নোট আৰু মৰণাস্ত্রসহ চাৰিজনলোক আটক হৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু হোজাই জিলাৰ ডবকাৰপৰা। সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ৫০০ আৰু ২০০০ টকীয়াৰ জাল নোট, ৭.৬৫ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলিসহ খেৰণি আৰু ডবকাৰপৰা আটক হৈছে জ্ঞানবাহাদুৰ লামা (৩১), জয়ন্ত সিং(৩৭), ফাইজোল ইছলাম (৪১) আৰু নিখিল তেৰাং (১৯) নামৰ লোককেইজন। 

ইতিমধ্যে সেনা-আৰক্ষীয়ে মুঠ ২ লাখ ২৩ হাজাৰ টকাৰ জাল নোট, দুটা মোবাইল হেণ্ডছেটও জব্দ কৰিছে ধৃত লোককেইজনৰ হাতৰপৰা। উল্লেখযোগ্য যে, গোপন সূত্ৰৰ পম খেদি সেনা-আৰক্ষীৰ যুটীয়া অভিযানত প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত প্ৰিলু ৰংহাং গাওঁৰপৰা জ্ঞানবাহাদুৰ লামা (৩১) আৰু নিখিল তেৰাং(১৯)ক আটক কৰাৰ বিপৰীতে ১০০খন ২০০০ টকীয়া জাল নোট আৰু এটা ৭.৬৫ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলি উদ্ধাৰ কৰে।

ইয়াৰ পিছতেই লামা আৰু তেৰাঙৰ চিকাৰোক্তিৰ ভিত্তিত ফাইজোল ইছলাম (৪১) আৰু জয়ন্ত সিঙক (৩৭) হোজাই জিলাৰ ডবকা অঞ্চলত কৰায়ত্ব কৰাৰ লগতে তেওঁলোকৰ হাতৰপৰা ৫০০ টকীয়া ২৬ খন আৰু ২০০০ টকীয়া ৫ খন জাল নোট উদ্ধাৰ কৰে সেনা-আৰক্ষীয়ে। ইতিমধ্যে জাল নোট ব্যৱসায় আৰু এই বৃহৎ চক্ৰটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে খেৰণি আৰক্ষীয়ে।