চামগুৰিঃ চামগুৰিৰ ৰঙাগড়াত বুধবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। পত্নীৰ বাবে উপহাৰ কিনি উভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন যুৱকে, লগতে গুৰুতৰভাবে আহত হ'ল আন এজন যুৱকো। 

ৰঙাগড়া তিনিআলিৰ সমীপতে যান্ত্ৰিক বিজুতিৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰপৰা খুন্দিয়াই থিতাতে নিহত হয় বাইক চালক প্ৰাঞ্জল প্ৰধান নামৰ আমলখি বাগিছাৰ যুৱকজন। ইফালে, লগতে থকা আৰোহী বিনয় বেহেৰাও দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱাত সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ঘটনাস্থলিত উপস্থিত হোৱা চামগুৰি আৰক্ষীৰ সহযোগত গুৱাহাটীলৈ প্ৰেৰণ কৰে। 

অতি উদ্বেগজনক কথাটো এইয়ে যে প্ৰথম বিবাহ বাৰ্ষিকীৰ উপলক্ষ্যে পত্নীৰ বাবে আমনিৰপৰা উপহাৰ লৈ প্ৰাঞ্জল প্ৰধান বন্ধু বিনয় বেহেৰা সহ AS-12W-4397 নম্বৰ আপাচি বাইকেৰে আমলখি বাগিছাস্থিত নিজ গৃহলৈ উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাটোত পতিত হৈ মৃত্যুক সাবতিবলগীয়া হয়। অৱশ্যে চামগুৰি আৰক্ষীয়ে ঘটনাস্থলিৰপৰা দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক আৰু বাইকখনৰ লগতে প্ৰাঞ্জল প্ৰধানৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।