গুৱাহাটীঃ বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ পাছত এইবাৰ গুৱাহাটীৰ জু-ৰোড গ্ৰেনেড বিষ্ফোৰণেৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষকক। ইতিমধ্যে মহানগৰ আৰক্ষীৰ হাতত বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰাণময় ৰাজগুৰু, অভিনেত্ৰী জাহ্নৱী শইকীয়াৰ, আলফা নেতা অমৃত বল্লভ গোস্বামীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকী হৈছে ডিব্ৰুগড়ৰ মিলন নগৰৰ প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামটি লাও।
দেওবাৰে ডিব্ৰুগড়ৰ মিলন নগৰৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামতি লাওক সোমবাৰে পুৱাই অনা হয় গুৱাহাটীলৈ। দিনটো লতাশিল থানাত আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলে জেৰা চলাই অভিযুক্ত শিক্ষক গৰাকীক।
প্ৰকাশ ৰাজকোঁৱৰৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে প্ৰকাশ ৰাজকোঁৱৰ আলফাৰ প্ৰচাৰ-প্ৰসাৰৰ কামত নিয়োজিত হৈ আছে। ইয়াৰ উপৰিও আলফাৰ সদস্যৰ ভৰ্তি কামত জড়িত অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকী। ইয়াৰ উপৰিও তেওঁ কয় যে আলফা(স্বা) সেনাধক্ষ্য পৰেশ বৰুৱাৰ সৈতেও যোগাযোগ আছে ৰাজকোঁৱৰৰ। লগতে তেওঁ জানিবলৈ দিয়ে যে ২০১৭ চনৰপৰা আলফা(স্বা) লগত জড়িত আছে প্ৰকাশ ৰাজকোঁৱৰ।
গ্ৰেপ্তাৰ হোৱা প্ৰকাশ ৰাজকোঁৱৰ বিৰুদ্ধে গীটানগৰ থানাত ২১০/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি IPC ধাৰা ৩৮৮/৩২৬/৩০৭/১২১ একেদৰে, R/W৩/৫, E/S ACT ১০/১৩/১৬/২০ UP(P) অধীনত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।
লগতে সংবাদ মাধ্যমৰ জৰিয়তে আলফা মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিব লাগে বুলিও আহ্বান জনায়।
ইফালে প্ৰকাশ ৰাজকোঁৱৰক গ্ৰেপ্তাৰৰ পাছত জু-ৰোড বিস্ফোৰণত জড়িত অভিযোগত গ্ৰেপ্তাৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে।