তেজপুৰ, অপুৰ্ব বৰা

তেজপুৰঃ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ সোমবাৰে ১১৬ সংখ্যক ওপজা দিন। তেওঁ ১৯০৩ চনৰ আজি এই দিনটোতে ডিব্ৰুগড়ৰৰ তামোলবাৰী চাহ-বাগিছাত পিতৃ পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ীৰ ঔৰষত জন্ম হৈছিল৷

অসমীয়া জন জীৱনলৈ আৰু সমাজলৈ নতুন মাত্ৰা দিয়া এই মহান পুৰুষজনাৰ অৱদান অতুলনীয়৷ তেখেত এজন, গীতিকাৰ, নাট্যকাৰ, কবি, সাহিত্যিক উপৰিও ১৯৩৫ চনত প্ৰথম অসমীয়া বোলছবি জয়মতী ৰ্নিমাণ কৰি অসমীয়া সাংস্কৃতিক জগতখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিলে৷

১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলে৷ অসমীয়া ভড়াল চহকী কৰা এই মহিৰোহজনে ৪৮ বছৰ বয়সতে ১৯৫১ চনৰ ১৭ জানুৱাৰী দিনা তেজপুৰৰ পকী হিচাপে জনাজাত জ্যোতি ভাৰতীৰ নিজ গৃহত চিৰ নিদ্ৰা কোলাত জিৰণি লয়।

অসমীয়া ভাষা সাহিত্য, নাটক, বোলছবিৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোমবাৰে ৰাজ্যবাসীয়ে স্মৰণ কৰে৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোঁৱালি লোৱা জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যবাসীয়ে শ্ৰদ্ধাঞ্জলি যাচে৷ 

অসমৰ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা আগৰৱালাক সশ্ৰদ্ধ প্ৰণিপাত জনায়৷ আনহাতে, জ্যোতিবন্দনাৰে মুখৰিত হয় তেজপুৰ চহৰ। জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰোৱাস্থিত সমাধিত পুৱাৰে পৰা শিল্পী গৰাকীৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ পকীৰ লগতে তেজপুৰ সাহিত্য সভা, উত্তৰ পশ্চিম সাহিত্য সভা, শোনিতপুৰ জিলা কবি সন্মিলনকে ধৰি সংগঠনে বিভিন্ন কাৰ্যসুচীৰে স্মৰণ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক৷