জয়ন্ত মুদৈ, নগাঁও
নগাঁওঃ অবিভক্ত নগাঁও জিলাৰ যমুনামুখ নগঞাপামৰ মৃন্ময় বৰা নামৰ এগৰাকী মেধাৱী ছাত্ৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীৰ ইন্টাৰনেচনেল এপ'ল’ হস্পিতালত চিকিৎসাধীন হৈ আছে।
প্ৰায় এসপ্তাহ ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা মেধাৱী ছাত্ৰ গৰাকীক নগাঁৱৰ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও শনিবাৰে অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ ইন্টাৰনেচনেল এপ'ল হস্পিতালত ভৰ্তি কৰোৱা হয়। যমুনামুখ নগঞাপামৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰাজু বৰা আৰু মুন বৰাৰ একমাত্ৰ সন্তান মৃন্ময়ৰ চিকিৎসাৰ বাবে এতিয়া পৰিয়ালটোয়ে হাহাকাৰ কৰিবলগীয়া হৈছে।
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মৃন্ময়ৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃ চিন্তিত হৈ পৰিছে। সেয়ে অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ গৰাকীৰ চিকিৎসা ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগক সহায়ৰ হাত আগবঢ়াবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ইফালে, অবিভক্ত জিলাখনৰ কাকী অঞ্চলৰ গিয়াছ আলীৰ কন্যা তথা নৱম শ্ৰেণীৰ ছাত্ৰী নাজিমা বেগম(১৫) মাৰাত্মক ডিপথেৰীয়া বেমাৰত আক্ৰান্ত বুলি খবৰ পোৱা গৈছে।
শনিবাৰে সন্ধ্যা ছাত্ৰী গৰাকীক নগাঁও চহৰস্থ এ জে হস্পিতালত চিকিৎসাৰ কাৰণে অনা হয় যদিও চিকিৎসকে তেওঁক গুৱাহাটীলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। ইতিমধ্যে এ জে হস্পিতালত পৰীক্ষাৰ পিছত ছাত্ৰী গৰাকী মাৰাত্মক ডিপথেৰীয়া বেমাৰত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে। এই সংক্ৰমণ বেমাৰ সংক্ৰান্তত নগাঁও স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেইটো লক্ষ্যনীয় হ’ব।