প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী আৰক্ষীয়ে বুধবাৰে নিশা বৃহৎ পৰিমাণৰ বাৰ্মীজ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা আৰক্ষীৰ নিয়মীয়া তালাচীত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰপৰা তিনিচুকীয়া অভিমুখী তিনিখন নৈশ বাছৰপৰা ম্যানমাৰৰপৰা অহা কৰবিহীন সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় খটখটি আৰক্ষীয়ে৷
এনএল-০৭-বি-০২৮৩, এএছ-০১-জিচি-৪৭৫৮ আৰু এআৰ-০৯-এ-৪৭৮৪ নম্বৰৰ তিনিখন নৈশ বাছৰ পৰা ম্যানমাৰৰ পৰা মণিপুৰ, নগালেণ্ড হৈ অহা কৰবিহীন অবৈধ সামগ্ৰীসমূহৰ ভিতৰত বৃহৎ পৰিমাণৰ প্ৰসাধন আৰু ইলেকট্ৰিক সামগ্ৰী আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ আৰক্ষীয়ে কেইবালক্ষাধিক টকা মূল্যৰ কৰবিহীন অবৈধ সামগ্ৰীসমূহ উদ্ধাৰ কৰে যদিও সামগ্ৰীখিনিৰ গৰাকীৰ বাতৰি লিখা সময়লৈ সন্ধান উলিয়াব পৰা নাই৷ খটখটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷