জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ বৰভেটি গাঁও নিৱাসী বিনাবালা বৰাৰ সোমবাৰে পুৱা ১০.১৫ বজাত নিজ বাসগৃহত বিয়োগ হয়। ৬৯ বছৰীয়া মহিলা গৰাকীৰ যোৱা কিছুদিনৰপৰা যকৃত আৰু হাঁওফাওঁৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
২০১১ চনত বটদ্ৰৱাৰ বৰভেটি প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা বিনাবালা বৰাই আইসকলৰ নাম প্ৰসংগতো অংশ গ্ৰহণ কৰিছিল।
সৰবৰাহী, সৰলমনা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত বিধায়িকা আঙুৰলতা ডেকা, লাচিত বৰদলৈ, বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰী সকল, বৰভেটি গাৱঁৰ আইমাতৃ সমাজে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত বিনাবালা বৰাই একমাত্ৰ পুত্ৰ ভাস্কৰজ্যোতি বৰা, তিনি গৰাকী জীয়ৰী, বোৱাৰী, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।