গুৱাহাটীঃ অৱশেষত বুধবাৰে প্ৰকাশ পালে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অতিৰিক্ত কৰ্তন খচৰা। কৰ্তন খচৰাত নাম আহিছে ১ লাখ ২ হাজাৰ ৪৬২ জনৰ নাম। উল্লেখ যে পূৰ্বতে এনআৰচি তালিকাত অন্তৰ্ভুক্ত হোৱা বহুলোকৰ নাম আহিছে এই কৰ্তন তালিকাত। কৰ্তন তালিকাত নাম অন্তভুক্তি হোৱা সকলৰ ভিতৰত আছে ডি ভোটাৰ, ঘোষিত বিদেশী, বিদেশী ন্যাধিকৰণত গোচৰ চলি থকা ব্যক্তিৰ নাম। ইফালে আজি প্ৰকাশ পোৱা তালিকাত অহা নাই দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।

গুৰুত্বপূৰ্ণ কথা এই যে আজি কৰ্তন তালিকাত অন্তভুক্তি হোৱা লোকসকলক পুনৰ দিয়া হ’ব দাবী-আপত্তিৰ সুযোগ। সেই অনুসৰি তেওঁলোকে এনআৰচি সেৱা কেন্দ্ৰত অহা ১১ জুলাইলৈকে দাবী উথাপন কৰিব পাৰিব। এই সন্দৰ্ভত আজি তালিকাত নাম সোমোৱা ব্যক্তিসকললৈ জাননী জাৰি কৰা হ’ব।

আনহাতে আজি প্ৰকাশ পোৱা কৰ্তন তালিকা প্ৰতিগৰাকীৰ ব্যক্তিয়ে অনলাইনৰ জৰিয়তে চাব পাৰিব। তাৰ বাবে www. nrcassam.nic.in ত ক্লিক কৰিব লাগিব। ইয়াৰ উপৰি চক্ৰবিষয়া কাৰ্যলয়, উপায়ুক্ত কাৰ্যলয় আৰু এনআৰচি সেৱা কেন্দ্ৰসমূহত উপলব্ধ হ’ব কৰ্তন তালিকা।

দৰং-দলগাঁৱৰ প্ৰতিবেদকৰ সংযোজনঃ প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা৷ পুৱা ১০ বজাৰ লগে লগে উপলব্ধ হ’ল খচৰা৷ সকলো NRC সেৱা কেন্দ্ৰত উপলব্ধ হৈছে খচৰা৷ চক্ৰ বিষয়া, উপায়ুক্তৰ কাৰ্যালয়তো উপলব্ধ খচৰা৷ পূৰ্বৰ খচৰাত অন্তৰ্ভুক্ত হোৱা লোকৰ নাম কৰ্তনেৰে প্ৰকাশ তালিকা৷ তালিকাত আছে ‘ডি’ ভোটাৰ, বিদেশী ঘোষিতৰ নাম, বিদেশী ন্যায়াধীকৰণত গোচৰ চলা লোকৰো নাম আছে তালিকাত। এই তালিকাত নাই দাবী-আপত্তিৰ শুনানিৰ ফলাফল৷ তালিকাত নাম সন্নিৱিষ্ট লোকলৈ প্ৰেৰণ কৰা হ’ব জাননী৷ ১১ জুলাইৰ ভিতৰত NRC সেৱাকেন্দ্ৰত উত্থাপন কৰিব পাৰিব দাবী৷ চূড়ান্ত NRC প্ৰকাশৰ পূৰ্বে শুনানিযোগে নিষ্পত্তি কৰা হ’ব দাবী৷ ৩১ জুলাইত প্ৰকাশ পাব চূড়ান্ত NRC।
দলগাঁও NSK দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৭,৪০৩ লোকৰ নাম পুনৰ দাবী-আপত্তি শুনানিৰ কাৰণে বাদ তালিকাত অৰ্ন্তভূক্ত কৰা হৈছে।