জয়ন্ত মুদৈ, নগাঁওঃ বিগত বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক।
এই হত্যাকাণ্ডৰ গোচৰত শেহতীয়াকৈ ভাষ্য সলনি কৰা দুজনকৈ চাক্ষুক সাক্ষী নোমল বসুমতাৰী আৰু উজ্বল মেঁচৰ শনিবাৰে নগাঁও আদালতত ক্ৰছ পৰীক্ষা কৰা হয়। ক্ৰছ পৰীক্ষাৰ অন্তত ভাষ্য সলনিৰ স্থিতিত অটল থকাৰ বাবে নগাঁৱৰ জিলাও সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে দুয়োকে হ’ষ্টাইল অৰ্থাৎ প্ৰতিকূল সাক্ষী ঘোষণা কৰে। ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে অভি-নীলৰ পিতৃ।
নগাঁৱত সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰি অভি-নীলৰ পিতৃ অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসে কয় যে অভিযুক্তক দোষমুক্ত কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে তৃতীয় পক্ষ। যাৰ বাবে এতিয়া ৰাইজ, দল-সংগঠন সজাগ হোৱাৰ সময় আহি পৰিছে। ইফালে, আৰক্ষী-প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি কাৰ সাহসত সাক্ষীয়ে এনেদৰে ভাষ্য সলনি কৰিছে তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে অভি-নীলৰ পিতৃয়ে।
অভি-নীল হত্যাকাণ্ডৰ নিচিনা ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিবই বুলিও মন্তব্য কৰে অভি-নীলৰ পিতৃয়ে। উল্লেখ্য যে, অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত আদালতে এতিয়ালৈকে মুঠ ১৮ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰে। অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত শনিবাৰে শুনানি আছিল৷ শুনানি কালত দুজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা কাৰ্যত গোচৰীয়া পক্ষৰ হৈ চৰকাৰী অধিবক্তা জে কামাৰ আৰু অভিযুক্ত পক্ষৰ হৈ অধিবক্তা মানস শৰনীয়া উপস্থিত থাকে।
গোচৰটোৰ সন্দৰ্ভত আদালতে অহা ১২ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। মন কৰিবলগীয়া যে, পুৱাই নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰপৰা অভি-নীল হত্যাকাণ্ডৰ ৪৯ গৰাকী অভিযুক্তক কটকটীয়া নিৰাপত্তাৰ মাজেৰে নগাঁও আদালতলৈ অনাৰ সময়ত এই অভিযুক্ত সকলৰ মুখত তিলমাত্ৰও অনুসূচনাৰ ভাৱ প্ৰকাশ কৰা পৰিলক্ষিত নহ'ল৷