জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত তৎকালে কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জয়ন্ত কুমাৰ বৰাই ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচ বা ততোধিক ব্যক্তিৰ সমাবেশ, পথৰ দাঁতি, ৰাজহুৱা স্থান, পদপথ বেদখল, ৰাজহুৱা স্থানত জাবৰ-জোথৰ পেলোৱা, দ্ৰূত বেগত গাড়ী চলোৱা, বিশৃংখলভাৱে গাড়ী ৰখোৱা, ৰাজহুৱা স্থানত মাৰনাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ কঢ়িওৱা, প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা-সমিতি, ধৰ্মঘট, অনশন, বিক্ষোভ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পথ আৰু পদপথত যান-যঁট আদিৰ সৃষ্টিৰে অসুবিধা কৰা, চৰকাৰী স্থানত প্ৰতিকৃতি দাহ কৰা, চৰকাৰী কাৰ্যালয়ত বা ৰাজহুৱা স্থান বা ৰাষ্ট্ৰীয় ঘাই পথত দান-বৰঙণি আদি সংগ্ৰহ কৰা, ৰাজহুৱা স্থানত ফটকা ফুটুৱা, নিশা ১০ বজাৰপৰা পুৱা ৬ বজালৈ চিকিৎসালয়, শিক্ষানুষ্ঠান আদিৰ আশে-পাশে উচ্চ ক্ষমতাপন্ন মাইক ব্যৱহাৰ কৰা, সাম্প্ৰদায়িক ভাষন বা দেৱাল লিখন, বেনাৰ আদি লগোৱা, নগৰ এলেকাত যান-বাহন সমূহত উচ্চ ক্ষমতাসম্পন্ন লাইট ব্যৱহাৰ আৰু ক'লা গ্লাছ লগোৱা আদিত নিষেধাজ্ঞা আৰোপ কৰিছে।
এই ক্ষেত্ৰত বজাৰ, খেলপথাৰ, শিক্ষানুষ্ঠান, ৰে’ল ষ্টেচন, বাছ আস্থান আদি এই আদেশৰ অন্তৰ্ভুক্ত নহ'ব। লগতে আৰক্ষী, সামৰিক বাহিনী, দণ্ডাধীশ বা চৰকাৰী কামত নিয়োজিত বিষয়া কৰ্মচাৰী এই আদেশৰ অন্তৰ্ভুক্ত নহ’ব।