ৰঙাপৰাঃ স্কুলৰ গৰম বন্ধৰ দিন আৰম্ভ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিভিন্ন ধৰনৰ নৃত্য, চিত্ৰ কলা, খেল ধেমালি অনুষ্ঠান বৰ্তমান উদ্যোগতাসকলে আয়োজন কৰাৰ সময়ত মঙলবাৰে ৰঙাপৰাৰ ডান্স একাডেমীয়ে ইয়াৰে মধুময় বিবাহ ভৱনত এক সুন্দৰ পৰিৱেশৰ মাজত পাচ দিনীয়া কাৰ্যসুচীৰে নৃত্য কৰ্মশালা অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰঙাপৰা আৰক্ষী থানাৰ প্রভাৰী বিষয়া বুধিন পেগুৱে৷

বন্তি প্রজ্বলনৰে শুভাৰম্ভ কৰা অনু্ষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা অধিবক্তা সঞ্জীৱ গোস্বামীয়ে কৰ্মশালাত অংশগ্রহন কৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি কয় যে নৃত্যই মানুহৰ শাৰিৰীক ব্যায়াম ৰক্ষা কৰাৰ লগতে মনটোক প্রফুল্ল কৰি সৃষ্টিশীল কামত নিয়োজিত কৰে৷

তাৰোপৰি কৰ্মশালাত দিল্লীৰ প্রশিক্ষক শ্যাোমি হামাৰ গুৱাহাটীৰ পপিন ৰঞ্জন সকলে ছাত্ৰ-ছাত্ৰীক হিপ হপ পপিং আৰু কথক আদি নৃত্য প্রশিক্ষণ দিব৷ আনহাতে,  ৰঙাপৰা ডান্স একাডেমীৰ প্রশিক্ষক অৰ্পন শৰ্মাই জানিবলৈ দিয়ে যে অহা ৫ জুলাইত সামৰণি পৰিবলগীয়া এই অনুষ্ঠানত সৌন্দয্য প্রতিযোগিতাত খিতাপ অৰ্জন কৰা  নৰ্থ ইষ্ট মেগা মডেল ৰিচিতা বৰা গুৱাহাটীৰ কথক নৃত্য শিল্পী অনিমেষ দাস জুনিয়ৰ মিঃ অসম বিনয় কুমাৰক সন্মৰ্ধনা দিয়াৰ লগতে চিত্ৰ শিল্পৰ এক প্রতিযোগিতা অনুষ্ঠিত হ’ব৷