অপূৰ্ব বৰা, তেজপুৰঃ সকলোৰে হেঁপাহৰ তেজপুৰ। সাংস্কৃতিক নগৰি খ্যাত তেজপুৰ চহৰত বহু ঐতিহ্যৰে ভৰপুৰ সমলৰে বিৰাজ মান। শিলে কথা কোৱা তেজপুৰতেই কলপাৰ্ক, অগ্নিগড়কে ধৰি বহ পাৰ্ক। ভাৰতৰ তথা বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰিস্কাৰ চহৰ। প্ৰাচীন কালত নামত বাণ ৰজাই ৰাজত্ব কৰা তেজপুৰত শিচৰিত বিভিন্ন ভাস্কয্য সামৰি তেজপুৰত স্থাপন কৰা হৈছিল চিত্ৰলেখা উদ্যান তথা কলপাৰ্ক। 

বহুতৰ তেজপুৰৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কলপাৰ্ক৷ তেজপুৰ পাৰিপাৰ্শ্বিকতা সমাজৰ অধীনত আছে আৰু জিলা প্ৰসাশনে ইয়াক নিয়ন্ত্ৰণকৰে। জৈৱ বৈচিত্ৰ্যতাৰে ভৰপূৰ তেজপুৰ চহৰ। 

তেজপুৰৰ কলপাৰ্ক ভিতৰৰ পৰিৱেশ অতি অপৰিস্কাৰ। পুখুৰিত নানা আৱৰ্জনা দম, বাটে-পথে পৰি থকা জাৱৰে তেজপুৰৰ কলপাৰ্ক এক কদৰ্যময় পৰিৱেশ।


তেজপুৰ পাৰিপাৰ্শ্বিকতা সমাজ আৰু জিলা প্ৰসাশনে মাজে সময়ে চূণ-তেল লগাই কলপাৰ্ক ধুনীয়া কৰিবলৈ চেষ্টা চলায়। এই কদৰ্যপূৰ্ণ তেজপুৰৰ কলপাৰ্ক সৌন্দৰ্য বৰ্ধনৰ বাবে সনা ৰঙত পৰে আৱৰ্জনা হাবিজংঘল তামোলৰ পিক...যি কথাই তেজপুৰ বাসীক চিন্তিত কৰি তুলিছিল।
  
তেজপুৰৰ এই ঐতিহ্যমণ্ডিত স্থানসমূহ ধুনীয়া কৰি ৰাখিবলৈ সলনি কৰিব লাগিব৷ সুস্থ পৰিৱেশ নাথাকিলে নাথাকিব এদিন মানৱসমাজ জীৱকুল। এই ৰম্যভূমিত এতিয়া চলে মানৱৰ দপদপনি। যাৰ বাবে সুন্দৰ তেজপুৰ এতিয়া কদৰ্যময় হৈ পৰিছে। স্বচ্ছতাৰ সলনি জাৱৰেৰে ভৰি থাকে তেজপুৰৰ অলি-গলি।

এই ক্ষেত্ৰত ব্যৱস্থা ল’বনে তেজপুৰ পাৰিপাৰ্শ্বিকতা সমাজে, জিলা প্ৰসাশনে।