জয়ন্ত মুদৈ, নগাঁওঃ কেঞ্চাৰ মানেই যে মৃত্যু নহয় তাৰেই যেন উৎকৃষ্ট নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমিৰ বটদ্ৰৱা থানৰ ভকত কৃষ্ণৰাম বৰুৱা। প্ৰৱল ইচ্ছা শক্তিৰ জৰিয়তে জীৱনলৈ অহা কঠিন ধুমুহাকো নেওচি সুদীৰ্ঘ ২২ বছৰ কাল পাৰ কৰি বৰ্তমান বিয়াশী বছৰত ভৰি দিয়া কৃষ্ণ ৰাম বৰুৱা আজিও স্বাভাৱিকভাৱে জীৱন-যাপন কৰি চলাই গৈছে গুৰুসেৱা।

বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত প্ৰয়াত তুলসী ৰাম নামলগোৱাৰ মাজু পুত্ৰ কৃষ্ণৰাম বৰুৱাৰ ১৯৯৭ চনতে হঠাৎ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল৷ জীৱনৰ কঠিন বাস্তৱৰ লগত মোকাবিলা কৰি সেই বছৰতে মে' মাহৰ ৩ তাৰিখে মুম্বাইৰ নানাৱতী হস্পিটেলতত এক জটিল অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল। অস্ত্ৰোপচাৰৰ অন্তত জীৱন ঘূৰাই পোৱা কৃষ্ণ ৰাম বৰুৱাৰ আয়ুস চিকিৎসকে মাত্ৰ দহ বছৰ নিৰ্ধাৰণ কৰিছিল আৰু সেই জটিল অস্ত্ৰোপচাৰতে মৃদুভাষী কৃষ্ণ ৰাম বৰুৱাই নিজৰ কন্ঠস্বৰ হেৰুৱাই পেলাইছিল। কিন্তু বাকৰূদ্ধ হৈয়ো দৃঢ়মনা বৰুৱাই সলনি নকৰিলে নিজৰ জীৱন শৈলী। 

চিৰচৌৱন যুৱকৰ দৰে নিজৰ কন্ঠস্বৰ হেৰুৱাইও বটদ্ৰৱা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসংগত অংশ গ্ৰহণ কৰি গ’ল। মুখে ৰাম নাম ল’ব নোৱাৰিলেও হৃদয়ত সদা ভগবন্তক সৰ্পি বটদ্ৰৱা থানৰ প্ৰাচীন বৰডবাটো বজাই তেওঁ সদায় ঈশ্বৰ উপাসনা কৰিবলৈ আৰম্ভ কৰে। সেয়া যেন তেওঁৰ বাবে গুৰুৰ কৃপা। চিকিৎসকে নিৰ্ধাৰিত কৰা দহ-পোন্ধৰ বছৰ নহয় আশ্বৰ্য্যজনকভাৱে সুদীৰ্ঘ ২২ বছৰ কাল নিতৌ থানলৈ অহা-যোৱা কৰি দেৱবাদ্য ডবাটো বজাই তেওঁ যেন গুৰু সেৱাত ব্ৰতী। 

আনহাতে, বৰুৱাই ৮২ বছৰ বয়সতো খালি চকুৰে অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাৰ বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰাটো তেওঁৰ বাবে হবি। সুশ্ৰী, পাহোৱাল কৃষ্ণ ৰাম বৰুৱাৰ বৰ্নিল জীৱন কালত বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক হৈ অৱসৰ গ্ৰহণ কৰিলেও আজীৱন তেওঁ কৃষি কাৰ্যৰ লগত জড়িত হৈ এক অনাবিল আনন্দ লাভ কৰি আহিছে। 

আধুনিক মনৰ সমাজ সেৱক গৰাকীয়ে নবৈ দশকত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য হিচাপে থকাৰ উপৰিও বটদ্ৰৱা শ্ৰীমন্ত শংকৰগুৰু পুথিভঁৰাল সম্পাদক হিচাপে ছয় বছৰ কাল সমাজ সেৱা আগবঢ়াইছিল। বটদ্ৰৱা থানৰ অংকীয়া ভাওনাৰ সুদক্ষ অভিনেতা কৃষ্ণ ৰাম বৰুৱাই ৰুক্মিণী হৰণত কৰা শিশুপালৰ চৰিত্ৰ আৰু ভক্ত হনুমান ভাওনাত কৰা হনুমানৰ চৰিত্ৰ সদায় বটদ্ৰৱাবাসীয়ে সোঁৱৰে। জীৱনৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান বিয়লি বেলাত পত্নী, পুত্ৰ, জীয়ৰী, বোৱাৰী নাতি-নাতিনীসহ সুখে সন্তোষে জীৱন যাপন কৰি কোনো দিনে নিজকে দুৰ্বল, অসহায় অনুভৱ নকৰা বিয়াশী বছৰীয়া কৃষ্ণ ৰাম বৰুৱা শত বৰ্ষ অতিক্ৰম কৰি আন দহজনৰ বাবে আদৰ্শ হৈ ৰওঁক ৷