আলী,লখিমপুৰঃ নেৰানেপেৰা বৰষুনৰ ফলত ৰঙানদী জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে৷

ৰঙানদীৰ প্ৰবলতাৰ বৃদ্ধি পোৱাত বানে উটোৱাই নিলে বগলীজান, বোৱালগুৰি, ডি'জো চাপৰি আদিকৰি শতাধিক গাঁৱৰ সংযোগী একমাত্ৰ পাঁচনৈ বাঁহৰ দলং৷

ৰঙানদী পাৰৰ বহু গাঁও এতিয়া জলমগ্ন হৈ পৰিছে৷

আনহাতে, ৰঙানদী জলবিদ্যুত প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলতো ফেনেফুটুকাৰে বাঢ়িছে ৰঙানদীৰ জলপৃষ্ঠ৷