জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ ৰহা থানাৰ এলেকাধীন পশ্চিম শালমৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে পুৱা প্ৰায় চাৰে পাঁচ বজাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়৷ 

জানিব পৰা মতে পথৰ কাষত ৰৈ থকা এ এছ-০৯-জিচি ২৯৩৩ নম্বৰৰ নৈশ বাছখনক এখন অচিনাক্ত তীব্ৰবেগী ট্ৰাকে পিছফালৰপৰা প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷ ফলত থিতাতে নিহত হয় নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেন৷ 

নিহত লোক দুজন তিনিচুকীয়াৰ লালন মিশ্ৰৰ পুত্ৰ অৰ্বিন মিশ্ৰ(৪৯) আৰু তুলন চেতীয়াৰ পুত্ৰ পাপু চেতিয়া(৩৮) বুলি চিনাক্ত কৰা হৈছে৷ উল্লেখ্য যে, তিনিচুকীয়াৰপৰা গুৱাহাটী অভিমুখে আহি থকা নৈশ বাছখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ হেতু ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ পশ্চিম শালমৰাত পথৰ কাষত বাছখন ৰাখি চালক আৰু হেণ্ডিমেনে মেৰামতি কৰি থকা অৱস্থাতে উক্ত ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷ অৱশ্যে দুৰ্ঘটনাটো সংঘটিত কৰি অচিনাক্ত ট্ৰাকখনে পলায়ন কৰে৷