পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ বছৰটোৰ প্ৰথমটো বানে প্ৰলয়ৰ সৃষ্টি কৰা কাজিৰঙাৰ জীৱকুলৰ আলাই-আথানী নোহোৱা হৈছে৷ বিগত ৫ টা দিনে ৯০ শতাংশ জলমগ্ন হৈ থকা কাজিৰঙাৰ বানত এতিয়াও ককবকাই আছে বন্যপ্ৰাণীয়ে৷ গঁড়, হাতী, পহু আদি বন্যপ্ৰাণীয়ে নিৰাপদ স্থানৰ সন্ধানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে৷ 

কাজিৰঙাৰ বানত দিশহাৰা হৈ বৃহস্পতিবাৰে পুৱাতেই বাগৰি বনাঞ্চলৰ দাঁতি-কাষৰীয়া হাৰমতি অঞ্চললৈ ওলায় আহে এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ৷ স্থানীয় ৰাইজে প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটো এটুকুৰা হালধীৰ খেতিত প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ লগায়৷ লগে-লগে বাঘটো সেই ঠাইৰপৰা আতৰি আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত মতিলাল ওৰফে ৰফিকুল ইছলামৰ ভঙা লোহাৰ-প্লাষ্টিকৰ দোকানৰ টিনৰ চাৰিবেৰাৰ মাজত প্ৰৱেশ কৰে। 

ইপিনে, সেই সময়তে মতিলালে নিজৰ দোকানৰ প্ৰকাণ্ড টিনৰ গেটখন খুলিবলৈ লওঁতেই প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটোৰ সৈতে মুখামুখি হয়৷ অৱশ্যে, ভাগৰুৱা ঢেঁকীয়াপতীয়া বাঘটোৱে মতিলালক আক্ৰমণ নকৰি তেওঁৰ দোকানৰ ভিতৰত প্ৰৱেশ কৰে৷ ইপিনে, প্ৰকাণ্ড বাঘটো চকুৰ সন্মুখতে দেখা পাই মতিলাল কিংকৰ্তব্য বিমূঢ় হৈ পৰে আৰু নিজৰ জীৱনটো বচাবলৈ লগে-লগে সেই স্থানৰপৰা পলাই প্ৰত্ৰং দিয়ে৷ 

ঢেঁকীয়াপতীয়া বাঘটোৱে দোকানৰ ভিতৰত প্ৰৱেশ কৰিয়েই মতিলালৰ বিচনাত উঠে আৰু সুখনিদ্ৰাত মগ্ন হৈ পৰে৷ ইপিনে, বাঘ ওলোৱাৰ খবৰ পাই মতিলালৰ দোকানৰ চৌদিশে লোকে লোকাৰণ্য হৈ পৰে৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু বনকৰ্মী মোতায়ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ ঘটনাস্থলীত উপস্থিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক শিৱ কুমাৰ, ডি এফ অ ৰোহিনী বল্লব শইকীয়া আৰু কলিয়াবৰ মহকুমাৰ প্ৰশাসনৰ বৃহৎ দল৷ পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ক্ৰমে চামচুল আলী আৰু ডা° ভাস্কৰ চৌধুৰীৰ নেতৃত্বত চিকিৎসা কৰ্মীৰ এটা বৃহৎ দল উপস্থিত হয় ঘটনাস্থলীত৷ 

ইয়াৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উচ্চ পদস্থ বনবিষয়া, পশু চিকিৎসকৰ দল আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকল একগোট হৈ কেনেদৰে ঢেঁকীয়াপতীয়া বাঘটোক সেই স্থানৰপৰা নিৰাপদে আঁতৰাই পঠাব পাৰি তাৰ এক আঁচনি প্ৰস্তুত কৰে৷ সেই অনুসৰি বাঘটোক সেইস্থানতে সন্ধিয়ালৈকে থকাৰ ব্যৱস্থা কৰে আৰু নিশা হ’লেই যাতে কাকো অনিষ্ট নকৰাকৈ নিজে-নিজে বাঘটো উদ্যানখনলৈ ঘূৰি যোৱাৰ বাবে অপেক্ষা কৰিব বুলি পশু চিকিৎসকৰ দলটোৱে জানিবলৈ দিয়ে৷ 

অৱশ্যে, বাঘটোৱে নিজে সুখনিদ্ৰাৰপৰা সাৰ পায় যদি আক্ৰমণাত্মক ৰূপ লয় তেতিয়া ট্ৰেংকুইলাইজ কৰা হ’ব বুলিও আন এক পৰিকল্পনা গ্ৰহণ কৰা বুলি পশু চিকিংসকে জানিবলৈ দিয়ে৷ আনহাতে, মতিলালৰ দোকানত বাঘটো শুই থকাৰ ফলত স্থানীয় ৰাইজ আতংকিত হৈ পৰে৷ বাঘটো সুখনিদ্ৰাৰপৰা সাৰ পালেই পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে বাঘটো ট্ৰেংকুইলাইজ অথবা খেদি পঠাবলৈ দাবী জনায়৷ 

সন্ধিয়া প্ৰায় ৫:৪৫ বজাত বনকৰ্মীয়ে মতিলালৰ ঘৰটোলৈ প্ৰায় ৩০ টাকৈ ফটকা নিক্ষেপ কৰে৷ কিন্তু ফটকাৰ ধাৰাসাৰ শব্দটো সাৰ নাপালে বনৰজাই৷ অৱশেষত পশু চিকিৎসকৰ দলে দোকানৰ টিনৰ বেৰা ফুটা কৰি বাঘটোক এডাল বাহঁৰে খোচে৷ লগে-লগে প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটো দোকানখনৰপৰা ওলাই পাছফালৰ বাঁহনিত প্ৰৱেশ কৰে৷ 

বনবিভাগে বাঘটো নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ওভতি যাব বুলি জানিবলৈ দিয়ে৷ অৱশ্যে, বাঘটোৱে বৰ্তমানেও বাঁহনিত আশ্ৰয় লৈ থকা বুলি জানিব পাৰি সম্প্ৰতি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ আছে৷ স্থানীয় ৰাইজে বাঘটোক ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যলৈ ওভতাই পঠাবলৈ দাবী জনালেও বনবিভাগে বাতৰি লিখা পৰলৈকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইপিনে, মতিলাল নামৰ ব্যৱসায়ীজনে বনৰজাই শোৱা বিছনা, গাৰু আদি সামগ্ৰী সংৰক্ষণ কৰিব বুলি জানিবলৈ দিছে৷