পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ৬ শতাধিক বনকৰ্মী আৰু গৃহৰক্ষী জোৱানৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা আজিকোপতি ন’ললে ৰাজ্য চৰকাৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৯৯ টা বনশিবিৰতে ফ্ৰন্ট লাইন স্থান হিচাবে অস্থায়ী বনকৰ্মী আৰু গৃহৰক্ষী জোৱান সকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগত হাজাৰ বাধা-বিঘিণিকো অতিক্ৰম কৰি ২৪ ঘন্টাই নিজৰ কৰ্তব্যক অৱহেলা নকৰি আন্তৰিকতাৰে কৰ্তব্য পালন কৰি আহিছে৷
বিশেষকৈ ভয়াৱহ ৰূপত অহা প্ৰলয়ংকৰী বানৰ সময়ত প্ৰতিকুল পৰিস্থিতিতো নিজৰ জীৱন বিপদাপন্ন কৰিও অতি নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে ৰাষ্ট্ৰীয় উদ্যানখনত নিয়োজিত অস্থায়ী বনকৰ্মী আৰু গৃহৰক্ষী জোৱান সকলে৷ কিন্তু দৰমহাৰ বাবদ এইসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত নিয়োজিত অস্থায়ী বনকৰ্মী লগতে গৃহৰক্ষী জোৱান সকলে মাহিলী লাভ কৰে মাত্ৰ ৯ হাজাৰ টকা।
সাম্প্ৰতিক সময়ত নিত্য ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাৰ সমান্তৰালভাৱে দৈনিক জীৱন নিৰ্বাহৰ বাবে নূন্যতম খৰচৰ হাৰো অতিকে উৰ্ধগামী হোৱাৰ সামগ্ৰিক প্ৰেক্ষাপটত উদ্যানখনত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলে মাহিলী লাভ কৰা মাত্ৰ ৯ হাজাৰ টকাৰে এটা পৰিয়াল কেৱল মাথোঁ খাই-বই থাকি জীৱন নিৰ্বাহ কৰাটোতেই যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হোৱা দেখা গৈছে৷
ইমান কম দৰমহাৰ টকাৰে পৰিয়ালটো ভালমতে পোহপাল দিব নোৱাৰাৰ লগতে এই সকল অস্থায়ী বনকৰ্মী আৰু জোৱানসকলে নিজৰ সন্তানকো শিক্ষা-দীক্ষাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত এক অসহায় অৱস্থাৰ সন্মুখীন হ’ব লগা হয়৷ অস্থায়ী বনকৰ্মী আৰু গৃহৰক্ষী জোৱান সকলক আশাৰ বাট দেখুৱাই বিগত কংগ্ৰেছ চৰকাৰৰ শাসন কালত তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু এটুৱা মুণ্ডাই কেইবাবাৰো কাজিৰঙালৈ আহি দৰমহা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পৰৱৰ্তী সময়ত ফুটুকাৰ ফেনত পৰিণত হৈ ৰ’ল৷
উল্লেখ্য যে, শাসকীয় দলৰ খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই বিগত বৰ্ষত কাজিৰঙাৰ অস্থায়ী বনকৰ্মী আৰু গৃহৰক্ষী জোৱানসকলৰ দৰমহা বৃদ্ধিৰ বাবে সদনত এটা দাবী উত্থাপন কৰিছিল৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিধায়ক মৃণাল শইকীয়াৰ এই দাবীৰ পৰিপ্ৰেক্ষিতত অস্থায়ী বনকৰ্মী সকলৰ দৰমহা অতি সোনকালেই বৃদ্ধি কৰা হ’ব বুলি প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল৷
কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে পালন কৰাৰ সদিচ্ছা প্ৰকাশ নকৰিলে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বৰ্তমানৰ এই চৰকাৰখনে৷ খোদ শাসকীয় দলৰ এই বিধায়ক গৰাকীৰ দাবীক চৰকাৰখনে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজি পৰ্যন্ত বৰ্তমানৰ চৰকাৰখনে প্ৰতিশ্ৰুতি পালন কৰি সন্মান নজনোৱাৰ ক্ষেত্ৰত কাজিৰঙাৰ স্থানীয় ৰাইজে আশ্বৰ্য প্ৰকাশ কৰিছে।
দিনে-নিশাই নিজৰ জীৱন বিপদাপন্ন কৰি জনজীৱন তথা নিজ পৰিয়ালৰ পৰাও বিছিন্ন হৈ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাত ব্ৰতী হৈ থকা এই অস্থায়ী বনকৰ্মী আৰু গৃহৰক্ষী জোৱান সকলৰ জীৱন আৰু কৰ্তব্যৰ সঠিক মূল্যায়ন কৰিবনে পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা সোণোৱাল চৰকাৰখনে এই প্ৰশ্ন এতিয়া সচেতন মহলৰ৷