কাজিৰঙাঃ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ প্ৰৱেশ বন্ধ ঘোষণা কৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি সংঘটিত হয় এক অঘটন। প্ৰাপ্ত খবৰ অনুযায়ী কৰ্তব্যৰত অৱস্থাতে গঁড়ৰ অপ্ৰত্যাশিত আক্ৰমণত থিতাতে মৃত্যুক সাৱতি ল’বলগীয়া হয় এজন বনকৰ্মীয়ে। গঁড়ৰ আক্ৰমণত মৃত্যুক সাৱতি লোৱা বনকৰ্মীজনৰ নাম বৃকোদৰ বৰা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই।
কেনেদৰে সংঘটিত হৈছিল এই অঘটন?
অইনদিনাৰ দৰে মঙলবাৰেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়মীয়া তহলত ব্যস্ত আছিল বনকৰ্মীৰ এটা দল৷ দলটোৱে কহঁৰা বনাঞ্চলৰ মুনাটঙী বনশিবিৰ এলেকাত তহল দি থকাৰ সময়তে হঠাতে এটা গঁড়ে খেদি আহে বৃকোদৰ বৰা আৰু অনিল কলিতা নামৰ বনকৰ্মী দুজনক।
গঁড়ৰ এই আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে অনিল কলিতাই নিজৰ ৩০৩ ৰাইফলেৰে শূন্যলৈ গুলী চালনা কৰে যদিও দুৰ্ভাগ্য:বশত প্ৰথম জাঁই গুলী নুফুটাকৈ থাকি যায়। শূন্যলৈ কৰা দ্বিতীয় জাঁই গুলী ফুটে যদিও তেতিয়ালৈ গঁড়ৰ আক্ৰমণত ধৰাশায়ী হৈ পৰে আনজন বনকৰ্মী বৃকোদৰ বৰা।
বনকৰ্মী অনিল কলিতাই গঁড়ৰ আক্ৰমণৰ পৰা কথমপি নিজকে ৰক্ষা কৰিবলৈ সমৰ্থ হয় যদিও তেওঁ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আহত কলিতাক চিকিৎসাৰ ব্যৱস্থা কৰিছে বনবিভাগে। ঘটনাটোৰ সময়ত কলিতাই সহকৰ্মী বৃকোদৰ বৰাক বচাবলৈ সকলো চেষ্টা চলাই যদিও শেষমুহূৰ্তত সফল হ’ব নোৱাৰিলে।
অৱসৰলৈ মাত্ৰ এবছৰ আছিল বৃকোদৰ বৰাৰ
চাকৰি জীৱনৰ পৰা অৱসৰ ল’বলৈ আৰু মাত্ৰ এটা বছৰহে আছিল জ্যেষ্ঠ বনকৰ্মী বৃকোদৰ বৰাৰ৷ অৱসৰৰ বাবে মাত্ৰ এটা বছৰ বাকী থকা বনকৰ্মী বৃকোদৰ বৰাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ কাজিৰঙাতে। গঁড়ৰ অপ্ৰত্যাশিত আক্ৰমণৰ সময়ত শূন্যলৈ চলোৱা প্ৰথম জাঁই গুলী সৌভাগ্যক্ৰমে ফুটা হ’লে সম্ভৱতঃ এই অঘটন সংঘটিত নহ’লহেতেন বুলি মত ব্যক্ত কৰিছে উদ্যানখনত কৰ্মৰত আন বনকৰ্মীসকলে।
বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ শোক প্ৰকাশ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি সংঘটিত এই অঘটনত মৃত্যুক সাৱতি লোৱা জ্যেষ্ঠ বনকৰ্মী বৃকোদৰ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এক শোকবাৰ্তাত বনমন্ত্ৰীগৰাকীয়ে কয়, 'উদ্যানখনৰ ভিতৰত কৰ্মৰত অৱস্থাতে আজি তেওঁ বিশেষ পৰিস্থিতিত গঁড়ৰ সুৰক্ষাত নিয়োজিত থকা সময়ত দুৰ্ভাগ্যজনকভাৱে গঁড়ৰ আক্ৰমণতে নিহত হোৱাৰ বাতৰি পাই মই মৰ্মাহত হৈ পৰিছো। এয়াই নিয়তি! ইয়াক মানি লোৱাৰ বাদে আমাৰ গত্যন্তৰ নাই। আমি সাহসী বনকৰ্মী বৃকোদৰৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰিছো গভীৰ সমবেদনা।’
আনহাতে এই বিষাদৰ মুহূৰ্তত বনবিভাগ বৃকোদৰ বৰাৰ পৰিয়ালৰ সৈতে আছে বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। চৰকাৰী নিয়ম অনুযায়ী বনকৰ্মীগৰাকীৰ পৰিয়ালে পাবলগীয়া বিত্তীয় সাহায্য তথা অন্যান্য সকলো সা-সুবিধা যাতে ক্ষিপ্ৰতাৰে লাভ কৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষকো নিৰ্দেশ প্ৰদান কৰাৰ কথাও সদৰী কৰিছে বনমন্ত্ৰীগৰাকীয়ে।