মুম্বাইঃ মুম্বাই-গোৱা হাইৱেত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এটি শিশু আৰু ৩ গৰাকী মহিলাসহ নিহত হৈছে মুঠ ৯ জনকৈ লোক। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি আজি পুৱা প্ৰায় ৫ বজাত ৰাষ্ট্ৰীয় ঘাইপথটোৰ মনগাঁও অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, মুম্বাই অভিমুখী এখন তীব্ৰবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনত সমুখৰ পৰা খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনৰ খুন্দাত ভাঙি চুচূৰ্মৈ হৈ পৰে চাৰিচকীয়া বাহনখন।
দুৰ্ঘটনাটোৰ ফলত বহুসময় ধৰি মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথটোত যান-বাহনসমূহ আৱদ্ধ হৈ পৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাটো সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।