বাৰপূজীয়াঃ গাৰ নোম শিয়ৰি উঠা এটি ঘটনা। এই ঘটনাত প্ৰাণ হেৰুৱাইছিল মৰিগাঁৱৰ জয়নাল আলী নামৰ এজন গাড়ী চালকে। ডিফুত হত্যাৰ বলি হৈছিল দুৰ্ভগীয়া চালকজন।

উক্ত হত্যাকাণ্ডত জড়িত ৩ হত্যাকাৰীক আজি আৰক্ষীয়ে আটক কৰাৰ পিছতে পোহৰলৈ আহিছে শিহৰণকাৰী তথ্য। দুটি শিশুৰ কথা-বতৰাৰ আঁত ধৰিয়েই হত্যাকাৰীকেইজনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয় আৰক্ষী। ধৃত হত্যাকাৰীকেইজন হৈছে আব্দুল কালেম, হাছমত আলী আৰু ফাতেমা খাতুন।

আৰক্ষীৰ জেৰাত, দুটি শিশুৰ সমুখতে চালকজনক ডিঙি চেপি হত্যা কৰা হৈছিল বুলি স্বীকাৰ কৰিছে ধৃত হত্যাকাৰীকেইজনে। জানিব পৰা মতে, উক্ত শিশু দুটি হৈছে হত্যাকাণ্ডত জড়িত থকা ফাতেমা খাতুনৰ। এনেদৰে কণমানি সন্তানৰ বাবেই আৰক্ষীৰ জালত পৰে হত্যাকাৰীৰ দলটোৰ ৩ সদস্য। 

এই ঘটনাৰ সৈতে নাগালেণ্ডৰ NSCM (IM)ৰ উগ্ৰপন্থী সংগঠনৰ হিল্লাল নামৰ এজন সদস্যও জড়িত আছিল বুলি আৰক্ষীয়ে জানিব পাৰিছে। আনহাতে এই ঘটনাত আৰু দুজন লোক জড়িত আছে।

বৰ্তমান তেওঁলোকক বিচাৰি জোৰদাৰ তালাচী অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে। বৰ্তমান লৈ গাড়ী চুৰি চক্ৰটোৱে ছয়খনতকৈ আধিক গাড়ী মৰিগাঁও জিলাৰ পৰা কৌশলেৰে নি ডিমাপুৰত বিক্ৰী কৰা বুলি উল্লেখ কৰিছে।

আদালত চৌহদৰ পৰা হত্যাকাৰীকেইজনক উলিয়াই অনাৰ সময়ত পৰিস্থিতি উত্তপ্ত কৰি তুলিলে চালক মৃত জয়নাল আলী পৰিয়ালৰ লোকৰ লগতে মৰিগাঁও চালক সন্থাই। আৰক্ষীয়ে বহু চেষ্টাৰ মূৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি মুকলাই আনিবলৈ সক্ষম হয় অপৰাধী কেইজনক।