নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ এলেকাধীন চকলাঘাটৰ সমীপৰ দীঘলীপাৰত এগৰাকী আৰক্ষী কনিষ্টবলৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰিছে৷ জানিব পৰা মতে, মৰিগাঁও জিলাত কৰ্মৰত প্ৰদীপ কুমাৰ নাথ নামৰ ৪৮ বছৰীয়া আৰক্ষী কনিষ্টবলজন বিগত কিছুদিনৰ পৰা মানসিকভাৱে অসুস্থ হৈ পৰাত কৰ্মস্থলীৰ পৰা তেওঁক পৰিয়ালৰ লোকে ঘৰলৈ আনে৷
আজি চিকিৎসাৰ বাবে তেওঁক নগাঁও চহৰৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও বিশেষ কাৰণৱশতঃ চিকিৎসকক দেখুৱাব নোৱাৰাত পুনৰ ঘৰলৈ ঘূৰাই আনে৷ কিন্তু বিয়লি ভাগত লোকজনে গা ধোৱা ঘৰত সোমাই হঠাতে 'সাপ অ’ সাপ' বুলি তীব্ৰ আতৰ্নাদ কৰি বাৰীৰ পিছফালে দৌৰ মাৰে৷ হঠাতে ঘটা এনে ঘটনাত স্তম্ভিত হৈ পৰা পৰিয়ালৰলোকে গা ধোৱা ঘৰত কোনো সাপ নেদেখি লোকজনকে এনেই ভয়তে চিঞৰা বুলি ভাবি বিশেষ গুৰুত্ব নিদি লোকজনক বিচৰা আৰম্ভ কৰে৷
এনেদৰে বিচাৰ-খোচাৰ কৰি থাকোতেই প্ৰায় এঘন্টা মানৰ পিছত আৰক্ষী কনিষ্টবলজনক ঘৰৰ কিছু নিলগৰ কলবাৰীত অৱস্থিত নিজ হাতীচোং মধ্য ইংৰাজী বিদ্যালয়ৰ পিছফালৰ এটা পুখুৰীৰ পাৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ কাজেই, লোকজনৰ এনে আকস্মিক মৃত্যুয়ে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ইফালে, মানসিক অসুস্থতা আৰু অহেতুক সৰ্প ভয়ৰ পৰিণতিতেই দৌৰি পলাই ফুৰোতে হৃদক্ৰিয়া বন্ধ হৈ আৰক্ষীৰ লোকজনে এনেদৰে অকাল মৃত্যুক সাৱটি ল’লে বুলি স্থানীয় লোকসকলে মন্তব্য প্ৰকাশ কৰিছে।
ইতিমধ্যে জাজৰি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ অতি দুখৰ কথা যে,এনেদৰে অকাল মৃত্যুক আকোৱালি লোৱা আৰক্ষী কনিষ্টবলজনে মৃত্যুৰ সময়ত পত্নীৰ লগতে পঞ্চম আৰু তৃতীয় শ্ৰেণীত পঢ়ি থকা দুটি সন্তানৰ লগতে এমহীয়া এটি সদ্যোজাত শিশুক এৰি থৈ গৈছে ৷