ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ নবিল অঞ্চলত গাভৰু নৈৰ ভয়াৱহ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ এতিয়া উঠি পৰি লাগিছে জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডল৷ নৈখনৰ আগ্ৰাসনত যি কোনো মুহূৰ্ততে ছিঙি যাব পাৰে ইমান দিনে নবিল অঞ্চলক অক্ষত কৰি ৰখা এটা গুৰুত্বপূৰ্ণ মথাউৰি৷ এই ভৰ বাৰিষা নৈখনে কালৰূপ ধাৰণ কৰি প্ৰায় খহাই পেলোৱা মথাউৰিটোৰ এটা অংশ দিনে-ৰাতিয়ে পহৰা দিবলগীয়া হৈছে নবিলবাসীয়ে৷
♦ নবিলত ভগ্নপ্ৰায় গাভৰু নৈৰ মথাউৰি
♦ নৈৰ পাৰত সৰ্বশ্ৰান্ত ৰাইজৰ বিননি
♦ নিমিষতে উচন হোৱাৰ দিশে এখন গাওঁ
সমান্তৰালকৈ জলসম্পদ বিভাগৰ দুই এক কৰ্মচাৰী আৰু একাংশ ঠিকাদাৰেও মথাউৰিটো অক্ষত ৰাখিবৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে৷ ইফালে, মথাউৰিটোৰ ইটোপাৰে বসবাস কৰা ৰাইজে সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবৰ বাবে তালি-টোপোলা বান্ধি নিৰাপদ দূৰত্বত অৱস্থান কৰিছে৷ এনেদৰে নবিল অঞ্চলত বসবাস কৰা কৃষিজীৱি ৰাইজে বছৰৰ পিছত বছৰ ধৰি শংকাৰ মাজেৰে দিন পাৰ কৰি আহিছে।
নৈখনে গতি সলনি কৰি নবিলৰ কাষেৰে বৈ অহাৰ ফলত ইতিমধ্যে বিগত বছৰবোৰত গাওঁখনৰ কেইবাশ পৰিয়ালৰ ঘৰবাৰী আৰু হাজাৰ হাজাৰ বিঘা কৃষিভূমি নদীত জাহ যায়৷ এই ঐতিহ্যমণ্ডিত গাওঁখনৰ বাকী যি শতাধিক পৰিয়ালে আজিও বসতি কৰি আছে তেওঁলোকৰ জীৱনলৈও এতিয়া নামি আহিছে চৰম দুৰ্যোগ৷
ইয়াৰ মাজতে, বিগত বৰ্ষত গাভৰুৰ প্ৰৱল খহনীয়াত পৰা এই অঞ্চলটো পৰিভ্ৰমণ কৰি তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই নিজ সাংসদ পুঁজিৰ পৰা খহনীয়া ৰোধ আৰু মথাউৰিৰ ভঙা অংশ মজবুতকৈ বান্ধিবৰ বাবে প্ৰায় ৫০ লাখ টকাৰ এক আঁচনি গ্ৰহণ কৰে৷ সেইমতে এইবাৰ বাৰিষাৰ পূৰ্বে এখন নিৰ্মাণ সমিতিৰ জৰিয়তে আঁচনিৰ কাম আৰম্ভ হয়৷ আঁচনি অনুসৰি নৈৰ গতিপথ সলনি কৰিবৰ বাবে ক’ফাৰডেম নিৰ্মাণ কৰা, বাহঁৰ কাম, পকী পাৰ্কোপাইন, জিঅ’বেগসহ মাটিৰ কাম আদি কৰিবলগীয়া আছিল৷
কিন্তু এই আঁচনিৰ কাম আৰম্ভ হ’ল যদিও ই কোনো কাৰণতে সম্পূৰ্ণ হৈ নুঠিল৷ যাৰ ফলত পূৰ্বৰ দৰেই এইবাৰ বাৰিষাটো গাভৰুৰ ভয়ংকৰ আগ্ৰাসনত শংকিত হৈ জীৱন কটাব লগীয়া হৈছে গাওঁবাসীয়ে৷ মথাউৰিৰ পাৰত বিনিদ্ৰ ৰজনী পাৰ কৰা অঞ্চলটোৰ ৰাইজে তীব্ৰ ক্ষোভ উজাৰিছে সাংসদ আৰ পি শৰ্মাৰ বিৰুদ্ধে৷ 'যোৱা বছৰ সাংসদ গৰাকী আমাৰ ত্ৰাণ কৰ্তাৰ ৰূপ লৈ ইয়ালৈ এবাৰ আহিল আৰু বীৰদৰ্পে ঘোষণা কৰিলে ৫০ লাখ টকীয়া আচঁনি৷ তাৰ পিছত আজিলৈকে তেওঁ ইয়ালৈ নাহিল৷’-এইদৰে কয় এজন স্থানীয় লোকে।
আনহাতে সাংসদ শৰ্মাই এই আঁচনি ৰূপায়ণৰ বাবে যি সমিতি গঠন কৰি দিলে তাতো পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ নদীৰ গতিবিধিৰ ওপৰত কোনো ধৰণৰ জ্ঞান নথকা একাংশ দলীয় কৰ্মীৰ দ্বাৰা এই আঁচনি ৰূপায়ণৰ বাবে নিৰ্মান সমিতি গঠন কৰি দিয়া, তেজপুৰৰ জনৈক ভূঞা উপাধিৰ এজনক সমিতিৰ মূল দায়িত্ব দি সাংসদ গৰাকীয়ে আঁঁচনিৰ নামত ৫০ লাখ টকাৰ শৰাধহে পাতিলে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ আনিছে আৰ পি শৰ্মাৰ বিৰুদ্ধে৷
এনে অভিযোগৰ মাজতে, খহনীয়াৰ কৱলত পৰা অঞ্চলটোত উপস্থিত হৈ শোণিতপুৰৰ উপায়ুক্তই পৰিস্থিতিৰ বুজ লৈ অতি তৎপৰতাৰে বিভাগীয় বিষয়াসকলক কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷ সেই মৰ্মে এতিয়া স্থানীয় একাংশ ঠিকাদাৰে যুদ্ধংদেহিভাবে বাঁহৰ পাৰ্কোপাইন সাজি খহনীয়াৰ কবলৰ পৰা মথাউৰিটো ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷ আনহাতে এইসকল ক্ষুদ্ৰ ঠিকাদাৰে অভিযোগ কৰিছে যে যোৱাটো বৰ্ষত তেওঁলোকে বিভাগীয় নিৰ্দেশনা অনুসৰি ভৰ বাৰিষা মথাউৰিটো ৰক্ষাৰ বাবে কাম কৰিলে যদিও আজিলৈকে ইয়াৰ বাবে আবন্টিত ধন (বিল) লাভ নকৰিলে৷ এইবাৰো তেওঁলোকে অতি তৎপৰতাৰে দিনে-নিশাই কাম কৰি মথাউৰিটো অক্ষত ৰাখিবলৈ চেষ্টা কৰি গৈছে যদিও সময়ত বিভাগীয় বিষয়াসকলৰ হেমাহিৰ বাবেই প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব পাৰে বুলি শংকিত হৈ পৰিছে।
ইফালে স্থানীয় ৰাইজে সাংসদ পুঁজিৰ ৫০ লাখ টকীয়া আঁচনিখনৰ তদন্তৰ দাবী জনাইছে। সাংসদ আৰ পি শৰ্মাক নবিল অঞ্চললৈ আকৌ এবাৰ আহি ৰাইজৰ দুৰ্দশা প্ৰত্যক্ষ কৰি তেওঁ দিয়া ৫০ লাখ টকীয়া আঁচনিখন কাৰ্যকৰী কৰিবলৈকো আহ্বান জনাইছে স্থানীয় ৰাইজে।