গুৱাহাটী/কাজিৰঙাঃ প্ৰতিবছৰৰ দৰে এইবাৰো বানৰ ফলত মানুহৰ দৰে নাজল-নাথল অৱস্থা হৈ পৰিছে কাজিৰঙাৰ জীৱকূলৰ৷ প্ৰতিশ্ৰুতি অনুযায়ী গঁড় হত্যা ৰোধ কৰিব নোৱাৰা নতুন চৰকাৰখনে বানপানীৰ সময়ত জীৱ-জন্তুৰ বাবে হাইলেণ্ডৰ ব্যৱস্থা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনত অসহায় হৈ পৰিছে অসম গৌৰৱ গঁড়কে আদি কৰি প্ৰতিটো জীৱ-জন্তু।
১৫ বছৰীয়া কংগ্ৰেছৰ শাসনত কেইবাবাৰো জীৱ-জন্তুৰ বাবে হাইলেণ্ড নিৰ্মাণৰ বাবে যোজা চলাইছিল যদিও সকলোবোৰ ফুটুকাৰ ফেন হৈ থাকিল৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনেও চৰকাৰ গঠনৰ পাছতে কাজিৰঙা জীৱ-জন্তু ৰক্ষাৰ বাবে ন-ন আঁচনি ঘোষণা কৰিছিল যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৱে এটুকুৰা ওখ ঠাইৰ বাবে ককবকাবলগীয়াত পৰিছে৷
ৰাষ্ট্রীয় উদ্যানখনত বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে পৰ্যাপ্ত হাইলেণ্ড নিৰ্মাণৰ বাবে বিভিন্ন সময়ত দল-সংগঠনে দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে এবছৰ সম্পূৰ্ণ কৰিলে যদিও হাইলেণ্ড নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা হাতত লোৱা দেখা ন’গল।
ইয়াৰ মাজতে জীৱকূলৰ এনে অৱস্থা নহ'বৰ বাবে বন বিভাগে হাইলেণ্ড নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে বুলডজাৰ, ট্ৰেক্টৰ, ডাম্পাৰ আদি উদ্যানখনলৈ আনিছিল। কিন্তু এপ্ৰিল মাহত প্ৰবল বৰষুণৰ বাবে পানীৰে উপচি পৰা কাজিৰঙাৰ অৰ্ন্তভাগৰ বোকা-পানীৰ মাজত কাম আগবঢ়াব নোৱাৰি উদ্যানৰ বাহিৰতে প্ৰায় এসপ্তাহ ধৰি বাহৰ পাতি উধাও হ’ব লগা হৈছিল ঠিকাদাৰ।
তালৈ চাই ‘চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপি’-এই নীতি অৱলম্বন কৰি বন বিভাগে বৰষুণৰ মাজতে এখন নাটক ৰচনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল সচেতন মহলে।
আন এক তথ্য অনুযায়ী, প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে ৩৩ টা হাইলেণ্ড নিৰ্মাণৰ বাবে নিবিদাও আহ্বান কৰিছিল বন বিভাগে৷ তাৰ পাছতো কিহৰ বাবে হাইলেণ্ড নিৰ্মাণ প্ৰক্ৰিয়া এখন ধূসৰ ছবি হৈ পৰিছে ইয়াকে লৈ কাজিৰঙা অঞ্চলত তথা প্ৰকৃতি প্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
বন বিভাগৰ এনে অৱহেলাৰ বাবে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কাজিৰঙাৰ জীৱকূলে হাইলেণ্ডৰ অভাৱত ককবকাবলগীয়াত পৰিছে৷ সামান্য ওখ ঠাই আছে যদিও জীৱ-জন্তুৰ আশ্ৰয়ৰ বাবে সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উঠিছে৷ আনহাতে খাদ্যৰ অভাৱতো হাহাকাৰ অৱস্থা হৈ পৰিছে উদ্যানখনৰ জীৱ-জন্তুৰ।
জলমগ্ন কাজিৰঙাত টুলুঙা নাৱত অতি কষ্টৰে উদ্যানখনৰ বন বিভাগৰ লোকসকলে পহৰাৰ ব্যৱস্থা কৰিছে যদিও নিৰাপদ আশ্ৰয়ৰ সন্ধানত ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ। ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ ঢাপলি মেলা জীৱ-জন্তু যাতে গাড়ীৰ চেপাত মৃত্যু নহয় তাৰো ব্যৱস্থা বন বিভাগে গ্ৰহণ কৰিছে যদিও কিমানদূৰ সফল হ'ব তাক লৈ সকলোৱে সন্দেহ ব্যক্ত কৰা দেখা গৈছে৷