ডিফুঃ হাতত এখন ফটো। ফটোখন লৈ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে এজন লোক৷ দিকবিদিক হেৰুৱাই পেলাইছে মানুহজনে৷ হাতত ফটো লৈ ঘূৰি ফুৰা মানুহজনৰ নাম বিজয় দাস৷

কাছাৰ জিলাৰ কাটিগৰা থানা এলেকাৰ ছাপ্লাই গেটৰ বিজয় দাসে যোৱা ২০ দিন ধৰি দিহিঙে-দিপাঙে ঘূৰি বিচাৰি ফুৰিছে মৰমৰ সন্তানক৷ সেমেকা চকুৰে এজনৰ পিছত এজনকৈ সকলোকে ফটোখন দেখুৱাই সুধি ফুৰিছে, "মোৰ এই ল'ৰাটোক ক'ৰবাত দেখিছে নেকি?"

যোৱা ১৮ জুনৰ পুৱা ছাপ্লাই গেটত থকা নিজৰ ভাতৰ হোটেলৰ পৰা বজাৰলৈ ওলাই আহি আজি পৰ্য্যন্ত নিৰুদ্দেশ হৈ আছে তেওঁৰ ১৫ বছৰীয়া পুত্ৰ শিৱম দাস৷ কাটিগৰা থানাত বিজয় দাসে পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰৰ দাখিল কৰাত আৰক্ষীয়ে ৩৬৬/ ১৭ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে।

সেয়ে আৰক্ষীলৈ ৰৈ নাথাকি নিজেই পুত্ৰক বিচাৰি চলাথ কৰি ফুৰিছে সীমামূৰীয়া জিলা কেইখন৷ আনহাতে নিৰুদ্দিষ্ট পুত্ৰ শিৱম দাসৰ লগত থকা ৯০৮৯৫৪১৭৪০ আৰু ৮২৫৮৯৬৩৫২৬ নম্বৰৰ মোবাইল নম্বৰটো ডিফুত থকাৰ অৱস্থান লাভ কৰা বুলি কৈ পিতৃ বিজয় দাসে ডিফুলৈ খোদ পুত্ৰক বিচাৰি আহে৷

বাংলা ভাষা কোৱা শিৱম দাসৰ গাৰ বৰণ বগা, উচ্চতা প্ৰায় ৫ ফুট ৬ ইঞ্চি। নিৰুদ্দেশ হোৱাৰ সময়ত গেৰুৱা ৰঙৰ হাফপেণ্ট আৰু কলা-বগা পেন্ট পিন্ধি আছিল বুলি জনাইছে পিতৃ বিজয়ে। কোনো লোকে যুৱকজনৰ সন্ধান পালে আৰক্ষী থানা নতুবা বিজয় দাসৰ ৯৮৫৪৪৮২৬৯৬, ৯৮৫৪৪৮২৬৪৯ নম্বৰৰ মোবাইলত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷