লংকাঃ বি.এড ডিগ্ৰীৰ ভুৱা ছাৰ্টিফিকেট সংগ্ৰহ কৰিবলৈ আহি আজি লংকা আৰক্ষীৰ জালত পৰে বহিঃৰাজ্যৰ এজন যুৱক। এই ঘটনাই সমগ্ৰ লংকা চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বি এডৰ ভুৱা প্ৰমাণপত্ৰ নিবলৈ আহি আৰক্ষীৰ জালত পৰা এই যুৱকজন হৈছে কোচবিহাৰৰ গৌতম সাহা।
প্ৰাপ্ত খবৰ অনুসৰি, গৌতম সাহা নামৰ কোচবিহাৰৰ যুৱকজন আজি লংকা কৃষ্ণ বৰা বি.এড কলেজলৈ আহিছিল নিজৰ বি.এড পৰীক্ষাৰ ৰোল নং: ১০৪৮৬৩ ৰ ৰেজিচষ্ট্ৰেচন নম্বৰ জি এউ বি ই ডি ৭৯৮৯৬০ মাৰ্কচিটখন লৈ। উদ্দেশ্য আছিল মাৰ্কশ্বিট দেখুৱাই বি.এডৰ চাৰ্টিফিকেট সংগ্ৰহ কৰা। এই অনুযায়ী কলেজৰ অধ্যক্ষক মাৰ্কশ্বিটখন দেখুৱাই য়ুৱকজনে। অধ্যক্ষ মোস্তাফিজুৰ ৰহমানে মাৰ্কশ্বিটখন চোৱাৰ পিছতে পোহৰলৈ আহে জালিয়াতি কাণ্ডৰ কথা।
এই সন্দৰ্ভত অধ্যক্ষই জানিবলৈ দিয়া মতে, ২০১৫চনৰ জুলাই মাহত ৰোল নং ১০৪৮৬৩ৰ বিপৰীতে গৌতম সাহা নামৰ কোনো যুৱকে পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। লগতে গৌতম সাহা নামৰ যুৱকজন লংকা কৃষ্ণ বৰা বি এড কলেজৰ ছাত্ৰ নহয় বুলিও অধ্যক্ষই স্পষ্ট কৰি দিয়ে।
এনে কাণ্ডৰ বিষয়ে অৱগত হৈ কলেজ কৰ্তৃপক্ষই যুৱকজনক আৱদ্ধ কৰি ৰাখি জিলা উপায়ুক্তক বিষয়টো সন্দৰ্ভত অৱগত কৰে। পিছত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে লংকা আৰক্ষীৰ থানাৰ আৰক্ষী বিষয়া কলেজখনত উপস্থিত হৈ যুৱকজনক আটক কৰি লংকা থানালৈ নিয়ে। বৰ্তমান যুৱকজন লংকা আৰক্ষীৰ জিম্মাতে আছে।
উল্লেখ্য যে, যোৱা ৯ জুনতো লংকা কৃষ্ণ বৰা বি.এড কলেজলৈ ভুৱা ছাৰ্টিফিকেট সংগ্ৰহ কৰিবলৈ আহি ঝাৰখণ্ডৰ এজন যুৱক আৰক্ষীৰ জালত পৰিছিল। উক্ত ঘটনাৰ এমাহ নৌহওতেই পুনৰ তেনে এক অনুৰূপ ঘটনা সংঘটিত হোৱাত হতবাক হৈ পৰিছে কলেজ কৰ্তৃপক্ষ।
লংকা বি.এড কলেজৰ নামত কোনো দুষ্ট চক্ৰই ভুৱা মাৰ্কশ্বিট, ছাৰ্টিফিকেটৰ ৰমৰমীয়া বেহা চলাই গৈছে বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু আজি পৰ্যন্ত আৰক্ষী-প্ৰশাসনে উক্ত চক্ৰটোৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হোৱাত চিন্তিত হৈ পৰিছে কলেজ কৰ্তৃপক্ষ।