ধুবুৰীঃ বানৰ একাঠু পানীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী জিলাত৷ ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ডাকুৰ ভিটা গাঁৱৰ বিবাহিতা মহিলাগৰাকী পুৱা ৯ বজাত মৃতদেহ উদ্ধাৰ হয়৷

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ডাকুৰ ভিটা গাঁৱৰ আৰফান আলীৰ পত্নী মমিনা খাতুন ৷ জানিব পৰা মতে, আৰফান আলীয়ে পুৱাই বজাৰলৈ গৈছিল যদিও ঘৰলৈ উভতি আহি পত্নী মমিনা খাতুনক ঘৰৰ কাষতে একাঠু পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে।

সাঁতুৰিব জনা মহিলা গৰাকী একাঠু পানীত ওপঙি থকাত গাঁওবাসীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। ইপিনে একে গাঁৱৰে জুলফিকাৰ আলী নামৰ যুৱক এজনক মমিনাক হত্যা কৰাৰ সন্দেহত আটক কৰি ফকিৰগঞ্জ আৰক্ষী থানাত গতাই দিয়ে স্থানীয় ৰাইজে।

ঘটনা সন্দৰ্ভত ফকিৰগঞ্জ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।