নগাঁওঃ নগাঁও জিলাৰ জাজৰি যোৱা ১ জুলাইত বগৰিগুৰিত এগৰাকী ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আজি ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহে বগৰিগুৰি অঞ্চলৰ শ শ মহিলা।

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু জাজৰি বগৰিগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত ওলাই অহা মহিলাসকলে সমদল কৰি মহিলাসকলে ধৰ্ষণকাৰী পংকজ হীৰাক ফাঁচি দিয়ক, বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে দোষীক ন্যায়িক জিন্মাত ৰাখক, সমগ্ৰ ঘটনা ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰক আদি শ্ল’গানেৰে জাজৰিৰ আকাশ বতাহ কঁপাই তোলে।

বগৰিগুৰি লালুংগাঁও নাট্যমন্দিৰ প্ৰাংগণৰ উলিওৱা সমদলটো প্ৰায় তিনি কিলোমিটাৰ পথ সমদল কৰি পুনৰাই লালুংগাঁও নাট্যমন্দিৰ প্ৰাংগণত সমবেত হৈ এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত শেহতীয়াকৈ নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই আহিছে যদিও বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্লিপ্ততাৰ অভিযোগ উত্থাপন কৰে স্থানীয় মহিলাসকলে৷

আজি বিধায়িকাগৰাকীৰ বিৰুদ্ধেও শ্ল’গান দিয়া পৰিলক্ষিত হয়। নাৰী নিৰ্যাতন ৰোধ আৰু মহিলাক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখন ব্যৰ্থ হোৱাৰো অভিযোগ তোলে একাংশ মহিলা প্ৰতিবাদকাৰীয়ে।

ধৰ্ষিতা কণমানিজনীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত জাজৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত ৮৫/২০১৭ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্ত পংকজ হীৰাক আটক কৰে আৰু আদালতত হাজিৰ কৰে আৰক্ষীয়ে৷

অভিযুক্ত পংকজ হীৰাক ফচি দিয়াৰ দাবীত অহা ১০ জুলাইত প্ৰতিবাদকাৰীসকলে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নগাঁও জিলা ন্যায়াধীশক ৫ হেজাৰ স্বাক্ষৰ সম্বলিত এক পত্ৰ প্ৰদান কৰিব বুলি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ কৰ্ম-কৰ্তাই জানিবলৈ দিয়ে৷