হোজাইঃ বাংলাদেশী খেদিবলৈ দ্বিতীয় লাচিতক নালাগে৷ মোগলে ঢাকাৰ পৰাই অসম আক্ৰমণ কৰিছিল কিন্তু মহাবীৰ লাচিতৰ হাতত পৰাজয় বৰণ কৰিছিল৷ এই মন্তব্য বিশ্ব হিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ডাঃ প্ৰবীণ ভাই টোগাড়িয়াৰ।

♦ বাংলাদেশৰ হিন্দুক অসমত সংস্থাপনৰ পোষকতা

♦ বাংলাদেশী মুছলমানক খেদিবলৈ দ্বিতীয় লাচিত হ'বলৈ আহ্বান

♦ চৰকাৰক সহযোগ কৰিবলৈ আহ্বান প্ৰতিজন হিন্দুক

হোজাই জিলাত অনুষ্ঠিত বিশ্ব হিন্দু পৰিষদৰ শিক্ষাবৰ্গৰ দহদিনীয়া সমাৰোহ সমাপন অনুষ্ঠানত উপস্থিত থাকি বিশ্ব হিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ডাঃ প্ৰবীণ ভাই টোগাড়িয়াই শনিবাৰে হোজাইত এক উদাত্ত ভাষণত এই কথা প্ৰকাশ কৰে৷

হোজাই গীতা আশ্ৰমৰ সংষ্কাৰ প্ৰকল্পত আয়োজিত সভাত যোগদান কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত বিশ্বৰ সকলো হিন্দুৰে ভাৰতত থকাৰ অধিকাৰ আছে বুলি মন্তব্য কৰে৷ বাংলাদেশৰ পৰা ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ অহা হিন্দুসকলক শৰণাৰ্থীৰ মৰ্যাদা দিব লাগিবই বুলি দাবী কৰে টোগাড়িয়াই৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ হিন্দুসকলক এই মৰ্যাদা প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷

সমৃদ্ধিশালী অসমৰ কথা উল্লেখ কৰি বিশ্ব হিন্দু পৰিষদৰ নেতাজনে মোগলে ঢাকাৰ পৰাই অসম আক্ৰমণ কৰিছিল কিন্তু মহাবীৰ লাচিতৰ হাতত পৰাজয় বৰণ কৰিছিল বুলি কৈ মোগলৰ বংশৰ সেই অনুপ্ৰৱেশকাৰী সকলক আইনৰ মাধ্যমেৰে অসমৰ পৰা খেদি পঠিয়াবৰ বাবে সকলোকে দ্বিতীয় লাচিত হ'বলৈ আহ্বান জনায়৷ লাচিতৰ সময়ত মোগলসকলে কেৱল লুন্ঠনৰ বাবে অসম আক্ৰমণ কৰিছিল আৰু বৰ্তমানৰ অনুপ্ৰৱেশকাৰীসকলেও তাকেই কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷

ভাষণ প্ৰসংগত তেওঁ কোনো হিন্দু হিন্দুৰ শত্ৰু নহয় বুলি মন্তব্য কৰি প্ৰকাৰন্তৰে সকলো বাংলাদেশী হিন্দুক অসমত নাগৰিকত্ব দিয়াৰ পোষকতা কৰে৷ বৰ্তমান চৰকাৰখনে হিন্দুৰ হৈ কাম কৰিছে বুলিও স্পষ্টকৈ মন্তব্য কৰে। হিন্দুৰ হৈ কাম কৰিলেও চৰকাৰখন বহু অসুবিধাৰ সন্মুখীন হৈছে বুলি আক্ষেপো প্ৰকাশ কৰে নেতাজনে৷ অসুবিধাৰ সন্মুখীন নহ'বলৈ তেওঁ চৰকাৰৰ কামত প্ৰতিজন হিন্দুক সহযোগ কৰিবলৈ আহ্বান জনায়।

সভাত সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জীবেশ্বৰ দেৱ গোস্বামী উপস্থিত থাকি ভাষণ প্ৰদান কৰি অসমৰ কৃষি ভূমিত হিন্দুসকলক খেতি-বাতি কৰি আত্মনির্ভৰশীল হ'বলৈ আহ্বান জনায়৷

যোৱা ২৯ জুনৰ পৰা হোজাই গীতাশ্ৰমত চলি থকা দহ দিনীয়া বিশ্ব হিন্দু পৰিষদৰ শিক্ষাবৰ্গৰ সমাপন সমাৰোহ আজি বিয়লি অনুষ্ঠিত হয়৷ এই সমাৰোহ সমাপন কার্যসূচীত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সম্পাদক শশীভূষণ ডেকা, সভাপতি ডাঃ মনিন্দ্ৰ মোহন ডেকা আদিয়ে যোগদান কৰি ভাষণ প্ৰদান কৰে৷ এই শিক্ষাবৰ্গত অসমৰ ১৬ খন জিলাত ৫৪ জনে শিক্ষা গ্ৰহণ কৰে।