মঙলদৈঃ কোচ ৰজাৰ দৰবাৰতো বিশেষ স্থান পাইছিল ব্যাসৰ ওজাপালিয়ে। কোচ ৰজাৰ কাৰ্যকালত দৰঙী ব্যাসৰ ওজাক ৰাজ দৰবাৰলৈ আমন্ত্ৰণ জনাই সন্মানিত কৰা হৈছিল। পৌৰাণিক আখ্যান আৰু ধৰ্মীয় দৰ্শনৰ ওপৰত ভিত্তি কৰি পৰিৱেশন কৰা এই ব্যাসৰ ওজাপালি দৰঙীয়া লোক-কৃষ্টিসমূহৰ অন্যতম।
শাস্ত্ৰীয় পদ্ধতিৰে পৰিৱেশন কৰা এই ওজাপালি জিলাখনৰ লগতে অসমতো প্ৰসাৰৰ বাবে এচাম শিল্পীয়ে অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে। এই ব্যাসৰ ওজাৰ এজন আজন্ম শিল্পী তীৰ্থ নাথ ওজা। দৰং জিলাৰ চৰণধৰাৰ গঢ়িয়া গাঁৱৰ এইগৰাকী শিল্পী দল-সংগঠন তথা চৰকাৰৰ পৰা আজিও অৱহেলিত।
আজীৱন ব্যাস ওজা শিল্পৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে কাম কৰি অহা তীৰ্থ নাথ ওজা শিল্পী পেঞ্চনৰ পৰাও উপেক্ষিত। শিল্পীগৰাকীয়ে কৃষ্টি জীয়াই ৰখাৰ তাড়নাত কাম কৰি গৈছে। সংসাৰৰ জোৰা-টাপলি মাৰিবলৈকে কৰিবলগীয়া হৈছে দিন হাজিৰা।
সময়ে সময়ে খৰাহী, কুলা, চালনি, মূঢ়া আদি বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰি সেয়া বিক্ৰী কৰি পোৱা পইছা খৰছ কৰছে কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত। নিজ পুত্ৰক মহাবিদ্যালয়ত নামভৰ্তি কৰাবলৈকো অসমৰ্থ শিল্পীগৰাকী। ইমানৰ পিছতো চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সৈতে যোগাযোগ কৰিও বাৰে বাৰে নিৰাশ হ'বলগীয়া হৈছে শিল্পীগৰাকী।
১২ বছৰ বয়সৰ পৰাই শিল্পী সাধনাত ব্ৰতী হোৱা নাথে ১৯৬৮ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ ভিন্ন স্থানতো ব্যাস ওজা প্ৰদৰ্শন কৰি আহিছে। কালৰ বুকুত হেৰাই যাবলৈ ধৰা দৰঙী লোক-সংস্কৃতিৰ অন্যতম ব্যাসৰ ওজা জীয়াই ৰখাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে।
দিন হাজিৰা নকৰিলে তেওঁৰ ঘৰখনত চৌকা নজ্বলে। তথাপিও ব্যাসৰ ওজাৰ প্ৰচাৰৰ বাবে কাম কৰি যাবলৈ সংকল্পৱদ্ধ শিল্পীগৰাকী। ঘৰতেই ডলা, কুলা, চালনি, মূঢ়া আদি তৈয়াৰ কৰি সংসাৰ চলালেও নিজৰ ওপৰত ক্ষোভ নাই শিল্পীগৰাকীৰ।
তেওঁ কাম কৰি থকাৰ মাজতেই পালিসকলক লৈ নিয়মীয়াকৈ কৰি গৈছে ওজাপালিৰ চৰ্চা। আকাশবাণীৰো এজন নিয়মীয়া শিল্পী আছিল তীৰ্থ নাথ।
শিল্পী পেঞ্চনৰ বাবে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতো বহু আবেদন-নিবেদন কৰিছিল যদিও শিল্পী পেঞ্চন বা চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে এইগৰাকী শিল্পী। পৰিৱৰ্তনৰ নাম লৈ শাসনত বহা চৰকাৰে যাতে এইবাৰ শিল্পীগৰাকীক শিল্পী পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দিব বুলি আশা প্ৰকাশ কৰিছে দৰংবাসীয়ে।