চাবুৱাঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ পানীতোলা আঞ্চলিক সমিতিয়ে দেওবাৰে কৃতী অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়৷ পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন সম্বৰ্ধনা সভাত ৪১ গৰাকী কৃতী ছাত্র-ছাত্রীক গামোছা, মানপত্র অাদিৰে সম্বৰ্ধনা জনায় সংগঠনটোৱে৷
সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ঘনশ্যাম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, বিশিষ্ট শিক্ষাবিদ অনিল গোহাঁই অাৰু লম্বেশ্বৰ চেতিয়াই।
সম্বৰ্ধনা সভাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে ভাষণ প্ৰদান কৰি এতিয়াৰ ছাত্ৰই অধ্যয়নৰ লগে লগে সংগ্ৰামো কৰিব লাগিব বুলি কয়৷ তেওঁ কয় যে নিজৰ জনগোষ্ঠী, নিজৰ জাতিটোক ৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সংগ্ৰাম কৰি যোৱা উচিত৷
নিজৰ ভাষা-সংস্কৃতি, ঐতিহ্য, পৰম্পৰা জীয়াই থাকিলেহে নিজক অসমীয়া বুলি চিনাকি দিব পৰা হৈ থাকিব বুলি কৈ জনগোষ্ঠীয় নেতাগৰাকীয়ে যি জাতিৰ নিজস্বতা নাথাকে সেই জাতিৰ ভাষা-সংস্কৃতি, ঐতিহ্য, পৰম্পৰা এদিন বিলীন হৈ যায় বুলি কয়৷
সেয়েহে তেওঁ সকলোকে সদায় সজাগ হৈ থাকিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰী সজাগ হলেহে সমাজ সজাগ হ’ব বুলিও নেতাজনে মন্তব্য কৰে৷ "ছাত্ৰৰ হাতত অদম্য শক্তি থাকে৷ ছাত্ৰৰ শক্তিক ৰাষ্ট্ৰই ভয় কৰে৷ ছাত্ৰ শক্তি ৰজপথলৈ ওলাই আহিব বুলিয়েই চৰকাৰে জনবিৰোধী সিদ্ধান্ত ল'বলৈ সাহস নকৰে।"- ভাষণত কয় সভাপতি যুগল বৰুৱাই৷