বিশ্বনাথ চাৰিআলি,২৩ জুলাইঃ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বানপানীৰ স্থায়ী আৰু বিজ্ঞান সন্মত ভাৱে  সমাধানৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । 

বিগত সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন  জাতীয় দল- সংগঠনে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে বহুবাৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ লেখত ল’বলগীয়া পদক্ষেপ  তথা গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজিও অৱহেলিত হৈ আহিছে অসমৰ এই জলন্ত সমস্যা । 

যাৰ বাবে আজি পুনৰ বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নেমছুৱে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিশেষকৈ অসমৰ ভয়াবহ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, প্ৰৱল বান আৰু গৰাখহনীয়াৰ ফলত ভূমি হেৰুৱাসকলক ভূমি আৱন্টনৰ লগতে তেওঁলোকক গৃহ আৱন্টনৰ ব্যৱস্থা কৰি দিয়া, ৰাজ্যৰ শেহতীয়া বানত মৃত্যু হোৱা সকলৰ পৰিয়ালক নগদ ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ব্যৱস্থা কৰাৰ লগতে চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰাৰ বাবে ছাত্ৰ সংগঠনটোৱে  অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে  দাবী  জনাইছে ৷ 

ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।ইফালে আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম, শোণিতপুৰ জিলা সমিতিৰ সভাপতি  আজনুৰ হুছেইন,  বিশ্বনাথ জিলা সমিতিৰ সভাপতি  মুস্তাক হুছেইন, সাধাৰণ সম্পাদক,  মুস্তাফিজুৰ ৰহমান,  সহকাৰী সাধাৰণ সম্পাদক মহিবুৰ ৰহমানকে ধৰি বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অহা প্ৰায় দুই শতাধিক কৰ্ম-কৰ্তাই অংশগ্ৰহন কৰে।