newsnextone.com | ডিজিটেল ডেস্কঃ পথত মাৰপিট সংঘটিত কৰাৰ অভিযোগৰ পৰা মুক্তি লাভ কৰিছে পঞ্জাৱ চৰকাৰৰ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱে৷ আদালতে মন্ত্ৰীগৰাকীক অভিযোগৰ পৰা ৰেহাই দিয়ে৷ কিন্তু উচ্চতম ন্যায়ালয়ে সিদ্ধুক সাধাৰণ মাৰপিতৰ বাবে দোষী সাব্যস্ত কৰে৷ যাৰ বাবে তেওঁক জেইল প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ১ হাজাৰ টকা জৰিমনা ভৰিবলৈ নিৰ্দেশ দিয়ে৷ 

১৯৮৮ চনত পথত মাৰপিট কৰা সংক্ৰান্তত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ আদালতে সিদ্ধুূক দোষী সাব্যস্ত কৰি ৩ বছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল৷ উচ্চ ন্যায়ালয়ৰ এই শাস্তি ঘোষণাৰ পিছত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল৷ 

ন্যায়াধীশ জে চেলামেধ্যৰ আৰু ন্যায়াধীশ সঞ্জয় কিশান কৌলৰ এক বিচাৰপীঠে ১৮ এপ্ৰিলত এই গোচৰৰ পুনৰ বিচাৰ কাৰ্য আৰম্ভ কৰিছিল৷ নৱজোৎ সিং সিদ্ধুৱে দাবী কৰিছিল যে গুৰনাম সিঙৰ মৃত্যুৰ কাৰণ সম্পৰ্কে প্ৰদান কৰা প্ৰমাণ পৰস্পৰবিৰোধী আৰু মেডিকেল ৰায়ো অস্পষ্ট৷ যাৰ দ্বাৰা নৱজোৎ সিং সিদ্ধুক দোষী প্ৰমাণিত কৰিব পৰা নাযায়৷

যোৱাবছৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ পৰা দল সলনি কৰি কংগ্ৰেছত যোগদান কৰিছিল নৱজোৎ সিং সিদ্ধুৱে৷ তেওঁ বৰ্তমান পঞ্জাৱৰ পৰ্যটন মন্ত্ৰী হিচাপে নিয়োজিত৷ 

উল্লেখ্য যে, নৱজোৎ সিং সিদ্ধু আৰু ৰূপিন্দৰ সিং সন্ধুৱে ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাটিয়ালাৰ চেৰণৱালা গেটৰ কাষৰ পথৰ মাজত এখন গড়ীৰ ভিতৰত বহি আছিল৷ সেই সময়তে গুৰনাম সিং আৰু অন্য দুজন লোকে এখন মাৰুতি গাড়ীৰে পইচা উলিয়াবলৈ বেংকলৈ গৈ আছিল৷ 

পথৰ মাজতে ৰখাই থোৱা সিদ্ধু আৰু ৰূপিন্দক গুৰনাম নামৰ লোকজনে গাড়ীখন আঁতৰাবলৈ কয়৷ যাৰ ফলত দুয়ো পক্ষৰ মাজত মত-বিতণ্ডা আৰম্ভ হয়৷ খঙৰ বশৱৰ্তী হৈ নৱজোৎ সিং সিদ্ধুৱে গুৰনামক মাৰধৰ কৰে৷ পিছত হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত গুৰনামৰ মৃত্যু ঘটে৷