গুৱাহাটীঃ "নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধীতা কৰা আছু আৰু কৃষক মুক্তি সংগ্রাম সমিতি ইছলামিক সংগঠনৰ নেতৃত্বত পৰিচালিত হোৱা সংগঠন" এই গুৰুত্বৰ অভিযোগ সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ সভাপতি প্ৰদীপ কলিতা। 

বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত সংগঠনটোৰ সভাপতি প্ৰদীপ কলিতাই সংবাদ মেল সম্বোধন কৰি কয় যে অখিল গগৈয়ে ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হৈ থকাটো কামনা নকৰে। তেওঁ ভাৰতবৰ্ষক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে নিৰ্মান কৰাটো বিচাৰে। কিন্তু আমি সেইটো হ’ব দিব নোৱাৰো ভাৰতবৰ্ষ কেৱল হিন্দুৰ বাবে। কাৰণ মুছলমানৰ বাবে সুকীয়া ৰাষ্ট্ৰ আছে কিন্তু হিন্দুৰ বাবে সুকীয়া ৰাষ্ট্ৰ নায়। সেই বাবে আমাৰ দাবী ভাৰতবর্ষক এখন হিন্দুৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে।

ইয়াৰ উপৰিও সংবাদ মেলত কয় যে ‘‘কেব আমি বিৰোধিতা নকৰো। কেবৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে"। ইয়াৰ উপৰিও তেওঁ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াক বিৰোধিতা কৰি বিস্ফোৰণ ঘটাই তেওঁ কয় "এন আৰ চি প্ৰক্ৰিয়াৰপৰা বাদ পৰা হিন্দু সকল কেতিয়া বিদেশী হ'ব নোৱাৰে। লগতে বৰ্তমান চলি থকা এনআৰচি প্ৰক্রিয়াক বিৰোধিতা কৰি তেওঁ কয় "আমাৰ মতে এন আৰ চি উন্নীতকৰণৰ ভিত্তি বর্ষৰ ৭১ পৰিৱৰ্তে ৫১ হ’লে আমি সমৰ্থন কৰিম। কিন্তু আমি এতিয়া সমৰ্থন কৰিব নোৱাৰো। আনহে নালাগে সংবাদ মেলত তাপয্যপূৰ্ণ ভাৱে তেওঁ কয় ৩১ জুলাইত প্ৰকাশ পাব লগা এনআৰচিৰ চূড়ান্ত খচৰাৰপৰা হিন্দুৰ নাম বাদ পৰিলে হুলস্থুল হ’ব।
  
ইফালে, আজি সংবাদ মেলত সভাপতি কলিতাই কয় অসমকে ধৰি আজি ভাৰবর্ষত হিন্দু সকল সুৰক্ষিত নহয়। কৰ্মস্থলীৰপৰা আৰম্ভ কৰি নিজৰ ঘৰখনটো আজি হিন্দু যুৱক-যুৱতী সকল সুৰক্ষিত নহয়। সেই বাবে সদৌ অসম হিন্দু সুৰক্ষাৰ সেনা জন্ম হৈছে। একেদৰে তেওঁ সংবাদ মেলতে দাবী জনায় কয় ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি, গৰু মাংসক নিষিদ্ধ ঘোষণা কৰা আৰু গৰুক ৰাষ্ট্ৰ জীৱ হিচাপে ঘোষণা কৰিব লাগে। লগতে সংগঠনটোৱে তাপয্যপূৰ্ণ ভাৱে কয় যে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আমি বৰ্তমান চৰকাৰৰ সৈতে সহযোগিতাত কাম কৰিম বুলিও উল্লেখ কৰে। 

আনহাতে অসমৰ বিদেশী বিৰোধী আন্দোলনক অৱজ্ঞা কৰি সংগঠনটোৱে কয়  "যদি বিদেশৰপৰা কোনো হিন্দু নিৰ্যাতনৰ বলি হৈ ভাৰতবৰ্ষত আশ্ৰয় বিচাৰি আহে তেনে হিন্দুক আমি অসম আৰু ভাৰতবর্ষৰ অন্যান্য ৰাজ্যত ভগাই লৈ আশ্ৰয় প্ৰদান কৰিম"।

উল্লেখ্য যে আজি সংবাদ মেলখনত উপস্থিত থাকে সংগঠনটোৰ সাধাৰণ সম্পাদক জয়দ্বীপ হাজৰিকা, বিত্ত সম্পাদক প্ৰাঞ্জল কলিতা প্ৰমুখ্যে বহুকেইজন সদস্য।